অধিনায়ক পদৰ পৰা অব্যাহতিৰ সিদ্ধান্ত ক্ৰিকেটাৰ বিৰাট কোহলিৰ! জনালে টুইটযোগে

 


ক্ৰিকেটাৰ বিৰাট কোহলিয়ে এৰিব টি–২০ ক্ৰিকেটৰ অধিনায়কৰ পদ। কিছু সময় পূৰ্বে কোহলিয়ে টুইটযোগে তেওঁ টি–২০ৰ অধিনায়কত্ব ত্যাগৰ কথা প্ৰকাশ কৰে। আগন্তুক টি–২০ বিশ্বকাপৰ পিছতে কোহলিয়ে অধিনায়কত্বৰ পদত নথকাৰ কথা ঘোষণা কৰে।


হঠাতে ক্ৰিকেটাৰগৰাকীয়ে লোৱা এই সিদ্ধান্তই ভাৰতৰ ক্ৰিকেট অনুৰাগীক স্বাভাৱিকতে বিচলিত কৰিছে। কোহলিয়ে উল্লেখ কৰা মতে, তেওঁ ব্যক্তিগত কাৰণত এই সিদ্ধান্ত লৈছে। তেওঁৰ মতে তেওঁক কিছু স্পেচৰ প্ৰয়োজন হৈছে, যাৰ বাবে টি–২০ ক্ৰিকেটৰ অধিনায়কত্বৰ দায়িত্বৰ পৰা তেওঁ আঁতৰি অহাৰ সিদ্ধান্ত লৈছে।


ক্ৰিকেটাৰগৰাকীয়ে বিগত ৩ বছৰে টেষ্ট, এদিনীয়া আৰু টি–২০ত অধিনায়কৰ দায়িত্ব লৈ থকা বুলি উল্লেখ কৰি এতিয়া এটাৰ পৰা দায়িত্ব ত্যাগ কৰি কিছু ভাৰমুক্ত হোৱা ইচ্ছা কৰাৰ কথা প্ৰকাশ কৰে। অৱশ্যে তেওঁ ভাৰতীয় ক্ৰিকেট টীমৰ সৈতে সম্পূৰ্ণ ৰূপে আছে বুলি উল্লেখ কৰে।

এই প্ৰসংগত তেওঁ বিচিচি আইকো অৱগত কৰিছে। উল্লেখ্য, ১ অক্টোবৰৰ পৰা ডুবাইত অনুষ্ঠিত হ'ব টি–২০ বিশ্বকাপ, ইয়াৰ পিছৰ পৰা তেওঁ ভাৰতীয় টি–২০ ক্ৰিকেটৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল'ব।

Post a Comment

Previous Post Next Post