৫৫০০ টকা লৈ মুম্বাইলৈ যোৱা ছনু সুদ এতিয়া কোটি কোটি টকাৰ সম্পত্তিৰ মালিক


 

ছনু সুদ ৰ ঘৰত আয়কৰ বিভাগৰ অভিযানৰ পিছতে ছচিয়েল মিডিয়াত ট্ৰেণ্ড কৰিবলৈ লৈছে। ছনু সুদে নিজৰ পৰিশ্ৰমৰ বলত সফলতাৰ শিখৰত আৰোহণ কৰিছৈ আৰু মুম্বাইৰ পৰা পঞ্জাবলৈ সম্পত্তি আহৰণ কৰিছে। প্ৰতি বছৰে ধুমধামেৰে গণপতিৰ পূজা কৰে ছনুৱে। মুম্বাইৰ ঘৰত পূজাৰ বাবে এক পৃথক স্থান বনাই লৈছে।

মিডিয়া ৰিপ’ৰ্ট মতে, ছনু প্ৰায় ১৩০ সম্পত্তিৰ মালিক। ছনুৰ বিষয়ে বহু সময়ত এনে খবৰ ওলাইছে যে যেতিয়া তেওঁ মুম্বাইলৈ আহিছিল তেতিয়া তেওঁৰ হাতত মাত্ৰ ৫৫০০ টকা আছিল। ছনু সুদৰ প্ৰথমে অৱস্থা এনেকুৱা আছিল যে ১০০ টকাৰ টিকটেৰে মুম্বাইৰ লোকেল ট্ৰেইনত যাত্ৰা কৰিছিল। আজি অভিনেতাজনৰ উপাৰ্জন কোটি কোটি টকা আৰু সময়ৰ লগে লগে তেওঁ বহু সম্পত্তিৰ গৰাকী হৈ পৰিছে। মুম্বাইৰ আন্ধেৰী অঞ্চলৰ লোখণ্ডৱালাত ২৬০০ স্কোৱাৰ ফিটৰ এক সুন্দৰ ৪ বি এইচ কে ঘৰ আছে ছনু সুদৰ। ছনুৱে নিজৰ ঘৰৰ ইণ্টেৰিয়ৰ বাস্তুৰ হিচাপত কৰাইছে। ছনু সুদ ফিটনেছ ফ্ৰীক অভিনেতা। নিজৰ ফিটনেছৰ যত্ন লোৱাৰ বাবে তেওঁ নিজৰ এপাৰ্টমেণ্টত জিমো বনাই লৈছে। 

Post a Comment

Previous Post Next Post