নিজ ঘৰতে প্ৰেচাৰ-কুকাৰেৰে মৰিয়াই দুৰ্বৃত্তই হত্যা কৰিলে ১৪ বছৰীয়া কিশোৰীক


 

উজান বজাৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নিজ গৃৃহতে এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰেচাৰ-কুকাৰ আৰু পটাগুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত অকলশৰে আছিল কিশোৰীগৰাকী।


জানিব পৰা মতে, কিশোৰীগৰাকীৰ নাম ডিম্পল কুমাবট। গুৱাহাটী ক্লাৱৰ স্কুল এঞ্জেলচ অফ গডচৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী পৰিয়ালৰ সৈতে প্ৰায় ১০ বছৰধৰি উজান বজাৰৰ ভাড়াঘৰত আছিল। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰতে অনলাইন ক্লাচত ব্যস্ত আছিল ডিম্পল। ইফালে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post