চৰাইদেউ জিলাত যোৱা কুৰি দিনৰ ভিতৰত দুটাকৈ শিশুক হত্যা কৰা ঘটনাই সমগ্র ৰাজ্য জোকাৰি যোৱাৰ পিছত আজি পুৱা জিলাখনৰ সদৰ সোণাৰি নগৰৰ সমীপৰ ৰাইদঙীয়া নকছাৰী গাঁওত এগৰাকী ছাত্ৰীৰ মৃতদেহ এটা পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা ঘটনাই পুনৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া নকছাৰী গাঁওৰ অশ্বিনী দাসৰ কনিষ্ঠ কন্যা তথা সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী চুমি দাসে আন দিনাৰ দৰে কালি পুৱাও প্ৰাতঃভ্ৰমণৰ বাবে অকলশৰে ওলাই গৈছিল।
কিন্তু বহু দেৰিলৈকে চুমি ঘূৰি নহাত পৰিয়ালৰ লোকে সকলো স্থানত বিচাৰ-খোঁচাৰ কৰে যদিও ছাত্ৰীগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম নহয়। অৱশেষত এই সন্দৰ্ভত কালি বিয়লি চুমিৰ পৰিয়ালৰ লোকে সোণাৰি আৰক্ষী থানাত অৱগত কৰে।
ইফালে আজি পুৱা চুমিৰ ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰ আঁতৰত থকা এটা পুখুৰীত তেওঁৰ মৃতদেহ পানীত ওপঙি থকা প্রত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু সোণাৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। কিন্তু চুমিৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। আৰক্ষীয়ে ইতিমধ্যে ইয়াক লৈ তদন্ত আৰম্ভ কৰিছে।