ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ! ৰবীন্দ্ৰনাথৰ কবিতা পাঠৰ পৰা পাকিস্তানৰ প্ৰতি সাৱধান বাৰ্তালৈ...


 

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দিয়ে। ডেৰ বছৰ ধৰি বিশ্বই যুঁজি থকা কোৰোনা ভাইৰাছৰ বাবে মৃতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। "যোৱা ১০০ বছৰত এনে মহামাৰী অহা নাছিল'' বুলি উল্লেখ কৰি নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বক ভাৰতলৈ আহি কোৰোনা ভাইৰাছ ভেকচিন প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, "ভাৰতত ভেকচিন প্ৰস্তুত কৰোঁ আহক। ভাৰতে বিশ্বত ডিএনএ ভেকচিন বিকশিত কৰা প্ৰথম দেশ। আৰএনএ ভেকচিনৰ তৈয়াৰীও প্ৰায় শেষ।''


মোদীয়ে কয় যে বৈচিত্ৰ্য হৈছে ভাৰতৰ বিশেষত্ব। ভাৰত হৈছে বহুতো ভাষিক, বিবিধ সংস্কৃতিৰ পীঠস্থান। আজিৰ দিনটোতে এনে এখন দেশক প্ৰতিনিধিত্ব কৰিবলৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয়– ''দেশৰ ৬ লাখতকৈও অধিক গাঁৱত ড্ৰোনৰ জৰিয়তে ডিজিটেল মেপিং কৰি থকা হৈছে। গৃহহীনসকলৰ বাবে ৩ কোটি পকী ঘৰ নিৰ্মাণ কৰা হৈছে। ৪৩ কোটি লোকৰ একাউণ্ট আৰম্ভ কৰা হৈছে। যদি ভাৰতৰ বিকাশ হয়, বিশ্বৰো বিকাশ হ'ব। ৩৬ কোটিতকৈও অধিক লোকক বীমাৰ অধীনলৈ অনা হৈছে। ভাৰতে উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে।''


আনহাতে প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ নাম নোলোৱাকৈ সন্ত্ৰাসবাদ সন্দৰ্ভত বাৰ্তা প্ৰদান কৰে। তেওঁ কয়– ''যিসমূহ দেশে সন্ত্ৰাসবাদক ব্যৱহাৰ কৰিছে, তেনে দেশৰ বাবেও সন্ত্ৰাসবাদ বিপজ্জনক। সন্ত্ৰাসবাদীয়ে যাতে আফগানিস্তানক ব্যৱহাৰ কৰিব নোৱাৰে, আফগানিস্তানৰ পৰিস্থিতিৰ সুবিধা কোনেও লোৱা উচিত নহয়। আমি সদায় এই বিষয়ে সাৱধান হ'ব লাগিব।''



উল্লেখ্য, ভাষণ সম্পূৰ্ণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বঙালী ভাষাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা 'শুভ কৰ্মপথে কৰো নিৰ্ভয় গান' আবৃত্তি কৰে। তাৰ পিছত তেওঁ ইয়াক নিজেই হিন্দী অনুবাদ কৰি পঢাই শুনায়। তেওঁ কয়, "মই বিশ্বাস কৰোঁ যে আমাৰ সকলোৰে লক্ষ্য হৈছে সমগ্ৰ বিশ্বক সুৰক্ষিত আৰু সুন্দৰ কৰা।''
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ–ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ লগতে তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন আৰু জাপানৰ প্ৰধানমন্ত্ৰী জছিদি চুগাৰৰ সৈতেও আলোচনা কৰে। তেওঁ ৱাশ্বিংটনৰ কোৱাড সন্মিলনতো অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ভাৰতত বিনিয়োগ ৰখাৰ বাবে পাঁচটা বিশ্বমানৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলকো সাক্ষাৎ কৰে।

Post a Comment

Previous Post Next Post