আহি আছে ঘূৰ্ণি বতাহ 'গুলাব'! অন্ধ্ৰপ্ৰদেশ–উৰিষ্যাক ক্ষতি কৰাৰ আশংকা



পুনৰ ঘূৰ্ণি বতাহে চুব পশ্চিমবংগকে ধৰি অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাক। পশ্চিমবংগৰ উপসাগৰৰ পৰা ঘূৰ্ণিবতাহ গুলাব ৭ কিলোমিটাৰ বেগত আগবাঢ়িছে আৰু উত্তৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলা আৰু দক্ষিণ উৰিষ্যাত অধিক প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে।


খবৰ পোৱা মতে গুলাব ঘূৰ্ণিবতাহে গোপালপুৰ আৰু কলিঙ্গাপত্তনমত প্ৰবল প্ৰভাৱ পেলাব পাৰে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ইয়াকে লৈ সতৰ্কতা জাৰি কৰিছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে শনিবাৰে ঘূৰ্ণিবতাহক লৈ সতৰ্কতা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে আৰু বিষয়াসকলক সকলো প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে।


ৰাজ্যখনৰ শ্ৰীকাকুলম আৰু বিশাখাপত্তনম জিলাত দুৰ্যোগ ব্যৱস্থাপনা কৰ্মচাৰীসকলক সাজু কৰি ৰাখিছে। ঘূৰ্ণিবতাহ উপকূলৰ মাজেৰে পাৰ হৈ যোৱাৰ পিছত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকাও কৰা হৈছে। ইতিমধ্যে এনডিআৰএফে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত ১৮টা দল মোতায়েন কৰিছে।



শনিবাৰে নিশাৰ ভিতৰত উৰিষ্যাত ১৩টা আৰু অন্ধ্ৰপ্ৰদেশত পাঁচটা দল মোতায়েন কৰা হ'ব। এই ধুমুহা প্ৰতি ঘণ্টাত ১৪ কিলোমিটাৰ বেগত বোৱাৰ পিছত ইয়াৰ তীব্ৰতা ৭৫ৰ পৰা ৯৫লৈ বৃদ্ধি হ'ব পাৰে। পশ্চিমবংগত ই বিশেষ ক্ষতি কৰাৰ আশংকা নাই যদিও উপকূলীয় অঞ্চলত বৰষুণ হ'ব পাৰে।

Post a Comment

Previous Post Next Post