মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মাণ হ'ব লগা এখন ছবিত সীতা (Sita)ৰ চৰিত্ৰত কৰীণা কাপুৰ খানে (Kareena Kapoor Khan) অভিনয় কৰিব বুলি বাতৰি ওলোৱাৰ পিছতে সমগ্ৰ দেশতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিভিন্ত বাতৰিত প্ৰকাশ পোৱা মতে হিন্দু মহাকাব্য ৰামায়ণ (Ramayana)ৰ সুন্দৰতম চৰিত্ৰ সীতাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে কৰীণা কাপুৰে হেনো ১২ কোটি টকা (Rs 12 Crores) বিচাৰিছিল প্ৰযোজকৰ পৰা। এনে অসমৰ্থিত বাতৰিক লৈ অতি শেহতীয়কৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৰীণাই। এই অভিযোগ আৰু অনুমানবোৰে ক্ষোভৰ সৃষ্টি কৰিছে অভিনেত্ৰীগৰাকীৰ মনত। বহুতেই অভিযোগ কৰিছিল যে কৰীণাই 'বেছি কৰিছে' আৰু অতিমাত্ৰা টকাৰ 'লোভ'ৰ বাবেই সীতাৰ চৰিত্ৰত অভিনয়ৰ নামত ১২ কোটি টকা দাবী কৰিছিল। কিন্ত অলপতে এই বিষয়ে নিৰ্ভয়ে নিজৰ মত ব্যক্ত কৰিছে কৰীণাই।
কৰীণাই কয়, "মই কি বিচাৰো সেয়া মই সম্পূৰ্ণকৈ স্পষ্ট কৰি দিছো আৰু মই ভাবো যে অভিনেত্ৰসকলেও সমান সন্মান পোৱা উচিত।" তেওঁ আৰু কয়, "তেওঁ যি বিচাৰিছে সেইটো "দাবী" কৰাৰ বিষয়েই নহয়, সেইয়া হৈছে "মহিলাৰ প্ৰতি সন্মানজনক" (being respectful towards women) হোৱাৰ বাবেহে।
কৰীণাই কৰীণাই কয় যে তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰে যে বলীউডত এতিয়া বহু পৰিৱৰ্তন হৈছে। পুৰুষ আৰু মহিলা শিল্পীৰ বাবে সমান পাৰিশ্ৰমিকৰ বিষয়টো এতিয়া আলোচনাৰ অংশ হৈ পৰিছে। শেহতীয়াকৈ, দ্য গাৰ্ডিয়ানৰ সৈতে বাৰ্তালাপ কৰোঁতে কৰীণাই কৈছিল, "মাত্ৰ কেইবছৰমান আগতে কোনেও চিনেমা এখনত এজন পুৰুষ বা মহিলাই প্ৰকৃততে সমান পাৰিশ্ৰমিক পোৱাৰ বিষয়ে কথা ক'ব পৰা নাছিল। এতিয়া আমি বহুতে এই বিষয়ক লৈ যথেষ্ট সৰৱ হৈছোঁ।"
শেহতীয়াকৈ, কৰীণা তেওঁৰ আহিবলগীয়া ছবি লাল সিং চাড্ডা (Laal Singh Chaddha)ৰ ছেটলৈ উভতি আহিছে । নিজৰ ইনষ্টাগ্ৰাম ষ্টোৰীত টীমৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল। আমিৰ (Aamir Khan) আৰু কৰীণাকো মুম্বাইৰ ছেটত ক্লিক কৰা হৈছিল। তেওঁলোক দুয়োজনে এটা দৃশ্যৰ বিষয়ে আলোচনা কৰি আছিল। কৰীণা আৰু আমিৰে ইয়াৰ আগতে ৰাজকুমাৰ হিৰাণীৰ থ্ৰী-ইডিয়টছ (Three Idiots)ত একেলগে কাম কৰিছিল।
