আয়ৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীলৈ সকাহ। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা ৰাজ্যপালৰ এক নিৰ্দেশনা অনুযায়ী উত্তীৰ্ণ হোৱা শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীগৰাকীক প্ৰধান শিক্ষক বা অধ্যক্ষই আয়ৰ প্ৰমাণপত্ৰ দিব পাৰে। নামভৰ্তি কৰিবলগীয়া শিক্ষানুষ্ঠানখনে সেই প্ৰমাণপত্ৰ গ্ৰহণ কৰিব।
এখন শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে বিবেচনা অনুসৰি দৰিদ্ৰ ছাত্ৰ–ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিব পাৰিব। এইক্ষেত্ৰত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰমাণপত্ৰ নহ'লেও এডমিচন হ'ব। যদি কোনো শিক্ষাৰ্থীৰ অভিভাৱকৰ বছৰেকীয়া আয় ২ লাখ টকাৰ তলত বুলি নামভৰ্তি কৰিবলগীয়া শিক্ষানুষ্ঠানখনৰ মুৰব্বীগৰাকী পতিয়ন যায়, তেওঁ তেনে ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত নামভৰ্তি কৰাব পাৰিব। ইয়াৰ বাবে তেওঁ শিক্ষাৰ্থীগৰাকীৰ হৈ উপাৰ্জনৰ প্ৰমাণপত্ৰ এখন দিব লাগিব।
মাচুল ৰেহাই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বাৰ্ষিক আয় সন্দৰ্ভত এখন শপতনামা দাখিল কৰিব পাৰে। এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব। ভুৱা প্ৰমাণপত্ৰ দাখিলৰ তথ্য লাভ কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আনহাতে, শিক্ষানুষ্ঠানসমূহে অৰিজিনেল প্ৰমাণপত্ৰ অবিহনে নামভৰ্তিৰ সুবিধা দিব পাৰে যদিও নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে ১৫ অক্টোবৰ, ২০২১ তাৰিখৰ ভিতৰত অৰিজিনেল প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।
