'মানিকে মাগে হিথে'ৰ সৈতে এইবাৰ একেলগে 'ৰাউডি বেবী'


 

এই সময়ত শ্ৰীলংকা (Sri Lanka)ৰ শিল্পী য়োহানি ডি চিলভা (Yohani De Silva)ৰ ভাইৰেল গান মানিকে মাগে হিথে (Manike Mage Hithe) নুশুনা লোক পৃথিৱীত নোলাব ছাগে! গানটোৱে ইণ্টাৰনেটত খলকনি তুলিছে আৰু  ইউটিউব (YouTube)ত এতিয়ালৈ ১২০ নিযুতৰো অধিক ভিউ হৈছে। ছ'চিয়েল মিডিয়াত মানিকে মাগে হিথেৰ আধিপত্যৰ মাজতে দুগৰাকী ভাৰতীয় কন্যাৰ গানৰ এটা নতুন সংস্কৰণ ছ'চিয়েল মিডিয়াত আদৰ লাভ কৰিছে।


অন্তৰা (Antara Nandi) আৰু অংকিতা নন্দী (Ankita Nandi), ইণ্টাৰনেটৰ জনপ্ৰিয় গায়ক ভগ্নী যুটি। নন্দী ছিষ্টাৰ্ছ (Nandi Sisters) বুলি বিখ্যাত অন্তৰা আৰু অংকিতাই এইবাৰ মানিকে মাগে হিথে গানটোৰ এটা ফিউজন ভাৰ্ছন আপলোড কৰিছে। তেওঁলোকে সিংহলী মানিকে মাগে হিথে গানটোৰ সৈতে মাৰি-2 (Maari-2) নামৰ চিনেমাখনত ধনুষ আৰু ধী (Dhanush and Dhee)য়ে কণ্ঠদান কৰা 'ৰাউডি বেবী' (Rowdy Baby) গানটোৰ ফিউজন ভাৰ্ছন এটা প্ৰস্তুত কৰিছে। নন্দী ছিষ্টাৰ্ছে অতি দক্ষতাৰে সিংহলী আৰু তামিল গান দুটা ফিউজন কভাৰত মিক্স কৰিছে আৰু দুয়োৰে প্ৰাণৱন্ত সংগীতৰ বাবে এতিয়া ফিউজনটো ভাইৰেল হৈ পৰিছে।ইতিমধ্যে নন্দী ছিষ্টাৰ্ছৰ গানটোও ফেচবুক আৰু ইনষ্টাগ্ৰামত লাখ লাখ লোকে চাইছে। আনকি শ্ৰীলংকাতো এই ফিউজনটোৱে জনপ্ৰিয়তা লাভ কৰিছে।

Post a Comment

Previous Post Next Post