কি এক কেলেংকাৰী! 'দ্য কপিল শৰ্মা শ্ব'ৰ বিৰুদ্ধে এজাহাৰ দাখিল, কিয়?



বিপদত পৰিছে দেশৰ অন্যতম জনপ্ৰিয় কমেডী শ্ব' 'দ্য কপিল শৰ্মা শ্ব' (The Kapil Sharma Show)ৰ নিৰ্মাতা। জনপ্ৰিয় কমেডী শ্ব'টোৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰ। মধ্যপ্ৰদেশৰ শিৱপুৰীৰ জিলা আদালতত 'দ্য কপিল শৰ্মা শ্ব' ((The Kapil Sharma Show))ৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে (FIR Against The Kapil Sharma Show)। অনুষ্ঠানটোৰ এটা খণ্ডত আদালত নিৰ্মাণ কৰি আদালতৰ ভিতৰত  সুৰাপান কৰা দৃশ্য দেখুওৱা হৈছিল (FIR Against The Kapil Sharma Show)। এজাহাৰখনত কোৱা হৈছে যে 'দ্য কপিল শৰ্মা শ্ব' (The Kapil Sharma Show)ৰ অভিনেতাসকলে আদালতৰ ভিতৰত সুৰাপান কৰা দৃশ্য দেখুৱাই আদালতক অপমান কৰিছে।


শিৱপুৰীৰ চিজেএম আদালতত এজন অধিবক্তাই এই এজাহাৰখন দাখিল কৰিছে। তেওঁৰ অভিযোগৰ ভিত্তিত গোচৰটোৰ শুনানি ১ অক্টোবৰত হ'ব। উকীলজনে অভিযোগ কৰি কয় যে, 'চনী টিভিত সম্প্ৰচাৰিত 'দ্য কপিল শৰ্মা শ্ব' এটা অত্যন্ত দায়িত্বজ্ঞানহীন অনুষ্ঠান। অনুষ্ঠানটোত মহিলাসকলৰ বিষয়ে প্ৰায়েই  যথেষ্ট অশালীন মন্তব্যও কৰা হয়। অনুষ্ঠানটোৰ এটা খণ্ডত  আদালতৰ ছেট মঞ্চত স্থাপন কৰিছিল আৰু তাত সমগ্ৰ দেশবাসীক আদালতৰ ভিতৰত সুৰাপান কৰা দেখুওৱা হৈছিল। এয়া আদালতৰ প্ৰতি কৰা ভয়ানক অৱমাননা। সেয়েহে, মই আদালতত ধাৰা 356/3ৰ অধীনত এটা গোচৰ ৰুজু কৰিছোঁ। এনে ধৰণৰ দৃশ্য দেখুওৱা বন্ধ কৰিব লাগে।"

২০২০ চনৰ ১৯ জানুৱাৰীত দ্য কপিল শৰ্মা শ্ব'ত আদালতৰ এখন মঞ্চ সজোৱা হৈছিল। ইয়াক ২০২১ চনৰ ২৪ এপ্ৰিলত  পুনৰ সম্প্ৰচাৰ কৰা হৈছিল। উকীলজনে দাবী কৰে যে আদালতৰ বিষয়ক এনেধৰণৰ কথা দেখুৱাই অনুষ্ঠানটোৰ জৰিয়তে প্ৰকৃততে সমগ্ৰ ন্যায় ব্যৱস্থাটোক অপমানিত কৰা হৈছিল। আদালতৰ ভিতৰত ৰাজহুৱাকৈ সুৰাপানৰ দৃশ্য অতি দৃষ্টিকটূ।

উল্লেখ্য যে ২১ আগষ্টৰ পৰা দ্য কপিল শৰ্মা শ্ব'ৰ নতুন ছিজন আৰম্ভ হৈছে । এনে সময়তে আইনী মেৰপেছত সোমাই পৰিব লগা হোৱাত বিপদত পৰিছে প্ৰযোজকগোষ্ঠী।

Post a Comment

Previous Post Next Post