শান্ত হোৱা নাই অসম। অশান্ত অসমৰ পৰিস্থিতিক লৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত ৰাজ্যখনক "অশান্ত এলেকা" ৰূপে চিহ্নিত কৰি পুনৰ ২৮ আগষ্টৰ পৰা আৰু ছয় মাহলৈ এই আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে।
কালি চৰকাৰী এক নিৰ্দেশনাযোগে উল্লেখ কৰা হয়– "সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ ধাৰা ৩ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত অসম চৰকাৰে সমগ্ৰ অসম ৰাজ্যক ২৮-০৮-২০২১ৰ পৰা কাৰ্যকৰী হোৱাকৈ ছয় মাহলৈকে "অশান্ত এলেকা" হিচাপে ঘোষণা কৰিছে।
অৱশ্যে চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত অশান্ত এলেকাৰ ম্যাদ বৃদ্ধিৰ কোনো বিশেষ কাৰণ উল্লেখ কৰা হোৱা নাই। উল্লেখ্য, সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰথমবাৰৰ বাবে ১৯৯০ চনৰ নৱেম্বৰত অসমত জাপি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ পৰ্যালোচনাৰ পিছত প্ৰতি ছয় মাহত ইয়াক সম্প্ৰসাৰিত কৰা হৈ আছে।
বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহত AFSPA প্ৰৱৰ্তন কৰা হৈছিল। ই সশস্ত্ৰ বাহিনীক "অশান্ত অঞ্চল"ত ৰাজহুৱা শৃংখলা বজাই ৰখাৰ ক্ষমতা প্ৰদান কৰে। ইয়াকে লৈ অসমকে ধৰি আন অঞ্চলতো আইন প্ৰত্যাহাৰৰ দাবী উঠিছে যদিও এতিয়াও ইয়াক বাহাল ৰখা হৈছে।
