ৰাজ্যজুৰি শোকৰ বন্যা বোৱাই অনা নিমাতীঘাট নাও দুৰ্ঘটনাৰ তদন্তত নামি পৰিছে আৰক্ষী। বিষয়া পৰ্যায়ৰ নিলম্বনৰ পিছত আৰক্ষীয়ে আটক কৰিছে ৬জন লোকক। যোৰহাট আৰক্ষীয়ে কালি নিশা আটক কৰা ব্যক্তিকেইগৰাকী হৈছে ধনবৰ দাস, যোগেন দাস, বিজুকুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল নেওগ।
ৰাজ্য চৰকাৰৰ নিৰ্দেশত যোৰহাট আৰক্ষীয়ে তৰা ফৌজদাৰী গোচৰৰ ভিত্তিত এই লোককেইগৰাকীক আটক কৰা হৈছে। ধনবৰ দাস আছিল দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ গুৰিয়াল। বাকী আটকাধীন লোককেইগৰাকী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী।
উল্লেখ্য, আটকাধীন লোকসকলৰ একাংশই সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে আটক কৰা প্ৰসংগত অজ্ঞতা প্ৰকাশ কৰি কয় যে নাও দুর্ঘটনাৰ সময়ত উদ্ধাৰ কাৰ্যতো চামিল হৈছিল। আনহাতে আভ্যন্তৰীণ জলবিভাগৰ আটকাধীন কৰ্মচাৰীয়েও কৰ্তৃপক্ষৰ নিৰ্দেশ মতে কাম কৰাৰ বিষয়ে প্ৰকাশ কৰে।
