প্ৰবাসী অসমীয়াৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে কৰ্ণাটকৰ বেংগালুৰুত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় নৱ-নিৰ্মিত 'অসম ভৱন' (Assam House)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই নতুন ভৱনটো শুভ উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- বেংগালুৰুৰ দৰে দূৰৈত বাস কৰা বা বিভিন্ন কামত অহা প্ৰবাসী অসমীয়াসকলে যাতে সঠিক আশ্ৰয়, সহায় আৰু আপোনত্বৰ অনুভৱ লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ভৱনটো নিৰ্মাণ কৰিছে। প্ৰায় ১৬,০০০ বৰ্গ মিটাৰ ভূমিত নিৰ্মিত এই আধুনিক সুবিধাযুক্ত ভৱনটোৰ জৰিয়তে বিশেষকৈ বেংগালুৰুলৈ শিক্ষা, চিকিৎসা তথা অন্যান্য কামৰ বাবে যোৱা অসমৰ ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু সাধাৰণ লোকসকল বিশেষভাৱে উপকৃত হ'ব। পঞ্জীয়নভুক্ত বিভিন্ন প্ৰত্যাহ্বান আৰু পৰ্যায় অতিক্ৰম কৰি প্ৰায় ৭১ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে এই সুন্দৰ ভৱনটো সম্পূৰ্ণ কৰি তোলা হৈছে।
ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ২০০৮ চনত প্ৰথমে এই ভৱনটো নিৰ্মাণৰ অনুমোদন লাভ কৰিছিলো যদিও কৰ্ণাটকৰ ৰাজহ বিভাগৰ কিছু খেলি-মেলি হোৱা ২০১৬ চনত সম্পূৰ্ণৰূপে বাতিল হৈছিল ৷ ২০১৮ চনত সকলো সমস্যা সমাধান কৰি ২০২২ চনত অসম ভৱন নিৰ্মাণৰ কাম অৰম্ভ কৰিছিলো ৷ ইয়াত চৰকাৰী কৰ্মচাৰী, মন্ত্ৰী-বিধায়কৰ বাবেও আবাস নিৰ্মাণ কৰা হৈছে ৷ ২৬ টা মিনি শ্বুট, ৩৬ টা দুজনীয়া কোঠা, পাঁচটা সন্মিলন কক্ষ আছে ৷ পুথিভঁৰাল, অতিথিসকলে অহাৰ গ্ৰহণ কৰিব পৰা এটা ৰূম আছে ৷
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "বৰ্তমান দিল্লীত দুটা, চেন্নাই, মুম্বাই, কলকাতা, শ্বিলং আৰু ভেল্লোৰত এটাকৈ অসম ভৱন আছে ৷ দিল্লীত দুটাকৈ স্থানত নতুনকৈ অসম ভৱন নিৰ্মাণ কৰা হৈছে আৰু নৱেম্বৰ, ডিচেম্বৰ মাহত দুয়োটা ভৱনেই মুকলি কৰা হ'ব ৷ একেদৰে মুম্বাই আৰু কলকাতাতো একোটাকৈ অসম ভৱন নিৰ্মাণ কৰি থকা হৈছে ৷ আগন্তুক দিনত গুজৰাটৰ আহেমেদাবাদ, মহাৰাষ্ট্ৰৰ পুনে, বিহাৰৰ গয়াত অসম ভৱন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷"
