সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে কেইবাগৰাকীও মেধাৱী শিক্ষাৰ্থীয়ে। ৰাজবীৰ বৰা, এছ মিনহাজ উদ্দীন আৰু মেঘনা শইকীয়াই NEET পৰীক্ষাত কৃতিত্ব অৰ্জন কৰিছে।
নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ নিবাসী প্ৰয়াত অভিনৱ বৰা আৰু কবিতা বৰাৰ একমাত্ৰ পুত্ৰ ৰাজবীৰ বৰাই NEET পৰীক্ষাত মুঠ ৫৮৭ নম্বৰ লাভ কৰি গুৱাহাটী মেডিকেল কলেজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পঢ়া-শুনাৰ লগতে ৰাজবীৰ এগৰাকী প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ হিচাপেও পৰিচিত। ৰাজবীৰৰ এই সাফল্যত মাতৃসহ পৰিয়ালবৰ্গ উৎফুল্লিত হৈ পৰিছে।
উল্লেখযোগ্য যে ৰাজবীৰৰ প্ৰয়াত পিতৃ অভিনৱ বৰা এগৰাকী খ্যাতনামা ক্ৰিকেট খেলুৱৈ আছিল। আনহাতে, ৰাজবীৰৰ মাতৃ কবিতা বৰা সমাজকল্যাণ বিভাগৰ এগৰাকী কৰ্মচাৰী।
ইফালে, নগাঁও জিলাৰ শিঙীয়া পোতনি তেলিয়াগাঁৱৰ নিবাসী নীলমণি শইকীয়া আৰু মেঘালী শইকীয়াৰ জ্যেষ্ঠা কন্যা মেঘনা শইকীয়াই এইবাৰৰ NEET পৰীক্ষাত ৫৪৮ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈছে। মেঘনাই যোৰহাট মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ বাবে আসন লাভ কৰিবলৈ সক্ষম হৈছে।
একেদৰে,ৰূপহীহাটৰ তিনিআলিৰ এছ মিনহাজ উদ্দীনেও NEET পৰীক্ষাত সফলতা অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰূপহী তিনিআলিৰ নিবাসী প্ৰাক্তন সেনা জোৱান কুতুব উদ্দীনৰ পুত্ৰ মিনহাজ উদ্দীনে ৪৮৩ নম্বৰ লাভ কৰি অসম ভিত্তিত ১৬৯১সংখ্যক স্থান লাভ কৰে। এক্স-ছাৰ্ভিচমেন কোটাৰ জৰিয়তে তেওঁ যোৰহাট মেডিকেল কলেজত স্থান লাভ কৰিবলৈ সক্ষম হয়। মিনহাজৰ এই সাফল্যত ৰূপহী প্ৰেছ ক্লাবৰ ফালৰ পৰা তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যৎ কামনা কৰা হয়।
