ভাগিনক উদ্দেশ্যি মামাৰ বিশেষ চিঠি....


 

বুধবাৰেপুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাগিনসকলক উদ্দেশ্য়ি লিখিলে এখন বিশেষ চিঠি। গৰমবন্ধৰ দিনবোৰ কেনেদৰে পাৰ কৰিব তাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাগিন সকলক কৰিলে কেইটামান বিশেষ অনুৰোধ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই পত্ৰখনে এতিয়া ৰাজ্যজুৰি লাখ কৰিছে ব্যাপক চৰ্চা।

সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখে এনেদৰে -

"মৰমৰ ভাগিনসকল,

এতিয়া নিশ্চয় তোমালোকৰ গৰমৰ বন্ধ চলি আছে। তোমালোকৰ দৰে ময়ো শৈশৱত এই সময়খিনিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ। কিয়নো গৰমৰ বন্ধ মানেই আছিল বিদ্যালয়ৰ চৌহদৰ বাহিৰে এখন নতুন পৃথিৱীৰ সৈতে চিনাকি হোৱাৰ এক বিশেষ সুযোগ। গৰমৰ বন্ধ মানেই আছিল মামাৰ ঘৰলৈ যোৱা, নতুন ঠাই চোৱা, খুৰা-খুৰী, ককা-আইতা আৰু ককাই-ভাই-ভনীৰ সৈতে হাঁহি-ধেমালিৰে সময় কটোৱা। গাঁৱত ডাঙৰ হোৱাসকলৰ বাবে এই সময়খিনি আৰু অধিক বিশেষ আছিল-- গছৰ পৰা বতৰৰ ফল ছিঙি খোৱা, পুখুৰীত মাছ ধৰা, পথাৰত খেলাধূলা কৰা, সন্ধিয়ালৈ ক্ৰিকেট বা ফুটবল খেলি ঘৰলৈ ওভতা। আজিও সেই স্মৃতিবোৰ মনত পৰিলেই এক বিশেষ আনন্দ অনুভৱ কৰোঁ।

আজি সময় সলনি হৈছে। ম'বাইল ফোন আৰু ইণ্টাৰনেটে আমাৰ জীৱন বহুখিনি সহজ কৰিছে। কিন্তু মোৰ বিশ্বাস, জীৱনৰ কিছুমান বাস্তৱ অভিজ্ঞতা কোনো ডিজিটেল স্ক্ৰীনে দিব নোৱাৰে। সেইবাবেই এই গৰমৰ বন্ধত তোমালোকলৈ মোৰ এটা আন্তৰিক অনুৰোধ। যদি সুযোগ পোৱা, এবাৰ নিজ নিজ মামাৰ ঘৰলৈ গৈ আহিবা। আইতা-ককাৰ লগত বহি সাধু শুনিবা, বন্ধু-বান্ধৱীৰ সৈতে খেলিবা, এখন ভাল কিতাপ পঢ়িবা অথবা নতুন কিবা শিকাৰ চেষ্টা কৰিবা। যদি মা-দেউতাই ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে অসমৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে ছাইন্স চিটী, শ্বহীদ স্মাৰক, লাচিত বৰফুকনৰ মৈদাম আদি ঠাইও চাই অভিজ্ঞতা বুটলিব পাৰা।

আৰু এটা বিশেষ কাম নিশ্চয় কৰিবা--‌ নিজৰ বন্ধু-বান্ধৱী, শিক্ষক-শিক্ষয়িত্ৰী, আত্মীয়-স্বজন অথবা সমাজ জীৱনৰ কোনো প্ৰিয় ব্যক্তিলৈ এখন চিঠি লিখিবা। আজিৰ সময়ত চিঠি লিখাৰ অভ্যাস দিনে দিনে কমি আহিছে যদিও চিঠিয়ে মনৰ অনুভৱ গভীৰভাৱে প্ৰকাশ কৰাত সহায় কৰে আৰু মানুহক অধিক সৃষ্টিশীল কৰি তোলে।

মই আশা কৰিছোঁ, এইবাৰৰ গৰমৰ বন্ধত তোমালোকে নতুন অভিজ্ঞতা, নতুন চিন্তা আৰু নতুন স্মৃতিৰে সমৃদ্ধ হৈ উঠিবা।
সকলোৱে ভালে থাকিবা দেই।"

Post a Comment

Previous Post Next Post