৪০০ কুইণ্টল চাউল আৰু ২০০ কুইণ্টল দাইল লৈ শিৱসাগৰলৈ ঘূৰিছে অখিল গগৈ


 

শিৱসাগৰ জিলাৰ বান পৰিস্থিতিত এতিয়াও অপৰিৱৰ্তিত। ঠায়ে ঠায়ে পানী কমিছে যদিও এতিয়াহে যেন আৰম্ভ হৈছে মানুহৰ আঁচল সংগ্ৰামখন। পলসে পুতি পেলাইছে সকলোৰে ঘৰ-বাৰী। হাহাকাৰ কৰিছে সকলোৱে। এনে পৰিস্থিতি সমষ্টিবাসীৰ বাবে সাহায্যৰ টোপোলা লৈ শিৱসাগৰৰ দিশে ৰাওনা হৈছে অখিল গগৈ।

উল্লেখ কৰা প্ৰয়োজন যে, দুদিনৰ পূৰ্বে অসম বিধানসভাৰ অধিৱেশনত অংশ লোৱাৰ উদ্দেশ্যৰে অহা অখিল গগৈয়ে গুৱাহাটীৰ ভিন্নজনৰ পৰা বিচাৰিছিল বানাক্ৰান্তৰ বাবে সহায়। সামগ্ৰীৰ লগতে ধনেৰেও সহায় কৰিবলৈ মুকলি কৰি দিছিল বেংক একাউন্ট নম্বৰ। অৱশেষত যেন এই কাৰ্যত সফল হ'ল বিধায়কগৰাকী। শুকুৰবাৰে পুৱাই অখিল গগৈয়ে ফেচবুকত দিলে এটা বিশেষ আপডেট।

নিজৰ অফিচিয়েল ফেচবুক একাউন্টযোগে এই বিশেষ আপডেট দিছিল অখিল গগৈয়ে। তাত বিধায়কগৰাকীয়ে লিখিছে এনেদৰে- মই শিৱসাগৰৰ বাবে উৎকৃষ্ট মানৰ ৪০০ কুইণ্টল (৪০ মেট্ৰিক টন) চাউল আৰু ২০০ কুইণ্টল (২০ মেট্ৰিক টন) দাইল যোগাৰ কৰিলোঁ। আজি গধূলিৰ পৰা শিৱসাগৰ সমষ্টিত বিতৰণ কৰিব পাৰিম।

আনহাতে গুৱাহাটীৰ পৰা মুঠ ৩০,০০০ লিটাৰ পানীৰ বটল আনি শিৱসাগৰত জমা কৰাৰ কথাও সদৰি কৰিলে অখিল গগৈয়ে। ৰাইজক এই পানী বিতৰণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে তেওঁকো ৰাইজে যোগাযোগ কৰিব পাৰিব বুলি জনাইছে বিধায়কগৰাকীয়ে। অখিল গগৈয়ে সাহায্যৰ বাবে গুগুল পে নম্বৰ — 8822424271 আৰু  বেংক একাউণ্ট নম্বৰ Account Number- 40062276752, (Name- Akhil Gogoi, IFSC- SBIN0003030) মুকলি কৰি দিছিল ৰাইজৰ বাবে। 

Post a Comment

Previous Post Next Post