মন্ত্ৰীত্ব লাভৰ পাছতে ধুবুৰীত উপস্থিত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ



 মন্ত্ৰীত্ব লাভৰ পাছতে পোন প্ৰথমবাৰৰ বাবে গৃহ জিলা ধুবুৰীত উপস্থিত হয় মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ। চাপৰৰ বহলপুৰত মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনায় বিভিন্ন দল সংগঠনৰ লগতে শুভাকাংক্ষী ৰাইজে। ইপিনে 

চাপৰৰ বহলপুৰত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত স্মাৰক পত্ৰ প্ৰদান কৰে বিভিন্ন দল সংগঠনে। 

ইপিনে ৰাইজ তথা বিভিন্ন দল সংগঠনে বিৰোধিতা কৰি অহা চাপৰৰ বিলাতী সুৰাৰ বিপনীখনৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমি, কৰ্ম ভূমিত ৰাইজৰ আবেগ আৰু অনুভূতিক আঘাত কৰা যিকোনো কাৰ্যকে কেতিয়াও সহ্য কৰা নহ’ব। এনে কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে ৰাইজে যিধৰণৰ বিচাৰিব তেনেধৰণে ৰাইজৰ লগত সহোযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে। 

আনফালে, মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে, এই গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, এই দায়িত্ব কেৱল তেওঁৰ ব্যক্তিগত নহয়,বৰঞ্চ ধুবুৰী জিলাৰ জনসাধাৰণৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীৰ থকা মৰম আৰু উপহাৰস্বৰূপ। লগতে অনাগত দিনত ধুবুৰীৰ সৰ্বাংগীণ উন্নয়ন আৰু ৰাইজৰ আশানুৰূপ কাম কৰিবলৈ তেওঁ সকলো পক্ষৰে সহায়-সহযোগিতা কামনা কৰিছে।

Post a Comment

Previous Post Next Post