নৱগ্ৰহ শ্মাশান সেৱা সমিতিৰ তিনি বছৰীয়া কাৰ্যকালৰ দ্বিতীয় সাধাৰণ সভাখনি অহা ৩১মে', ২০২৬ত আয়োজন কৰা হৈছে। দিনৰ ১১বজাত শ্ৰী শ্ৰী নৱগ্ৰহ শ্মাশান কালী মন্দিৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই সভালৈ ভিন্ন জনক আমন্ত্ৰণ জনোৱা হৈছে।
সেৱা সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ বৰঠাকুৰে অসমীয়া প্ৰতিদিন ডিজিটেলক সদৰি কৰি অনুসৰি, এই সভাত যোৱা ৩বছৰৰ কামৰ খতিয়ানৰ লগতে আগন্তুক দিনৰ বাবে ৰাইজৰ দিহা-পৰামৰ্শও গ্ৰহণ কৰা হ'ব। যোৱা বছৰৰ কোষাধ্যক্ষৰ হিচাপ দাখিল, আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ লগতে চাৰ্টাড একাউন্টেন্টৰ দ্বাৰা পৰিক্ষিত হিচাপে দাখিলো কৰা হ'ব।
Tags:
National
