শুল্ক অবিহনে বিদেশলৈ ৰপ্তানি হ’ব অসমৰ চাহ…ডিব্ৰুগড়ৰ ভূমিৰ পৰা কি কি ক’লে শ্বাহে…

 


শুকুৰবাৰ (৩০ জানুৱাৰী)য়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ লগতে মুলুকগাঁৱৰ বন্যপ্ৰাণী-স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি শ্বাহে ১৭০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰে। হাজাৰ হাজাৰ জনতাক সম্বোধন কৰি শ্বাহে কয় যে, এই ডিব্ৰুগড়ৰ ভূমিৰ পৰা বিশ্বত অসমৰ চাহৰ সুগন্ধি বিয়পি পৰে। ডিব্ৰুগড়ে ভাৰতক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছে। এই সময়চোৱাত তেওঁ মা কামাখ্যা, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱক স্মৰণ কৰে।

শ্বাহে কয় যে, অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰি তুলিছে। ডিব্ৰুগড়ে ভাৰতক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছে। ইয়াত উৎপাদিত চাহ বিশ্বজুৰি ৰপ্তানি কৰা হয়।  শ্বাহে কয়, মুখ্যমন্ত্ৰীয়ে ২০২৫ চনত ঘোষণা কৰিছিল যে তেওঁ অসমক সৰ্বাংগীন কৰি তুলিব। কিন্তু কংগ্ৰেছৰ ঘোষণা সদায় ঘোষণা হৈয়ে ৰ’ল।

অসমৰ দ্বিতীয় ৰাজধানী হোৱা বাবে ডিব্ৰুগড়বাসীক অভিনন্দন জনাই শ্বাহে। তেওঁ আৰু কয়,  ইয়াৰ নদীবোৰ আমাৰ মাতৃৰ দৰে। বানপানী ৰোধৰ উপায় বিচাৰি উলিয়াম এয়া আমি প্ৰতিশ্ৰুতি দিছো। ইয়াত দুগ্ধ উদ্যোগ ঠন ধৰি উঠিব, বৃহৎ পুখুৰী নিৰ্মাণ কৰা হ’ব। ডাঙৰ জলাশয় নিৰ্মাণৰ দ্বাৰা বান ৰোধৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ লোৱা হৈছে। এই জলাশয়ে বান ৰোধৰ লগতে জলক্ৰীড়াতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Post a Comment

Previous Post Next Post