পাকিস্তান ভ্ৰমণৰ পূৰ্বে বিবেচনা কৰক…নাগৰিকলৈ কিয় এই বাৰ্তা দিলে আমেৰিকাই…


 

এফালে বন্ধুত্বৰ বাৰ্তা আনফালে পাকিস্তান ভ্ৰমণ কৰাৰ ক্ষেত্ৰত জনতাক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আমেৰিকাই। শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে নিৰাপত্তাজনিত কাৰণত উদ্বেগ প্ৰকাশ কৰি পাকিস্তানলৈ যোৱাৰ পূৰ্বে নাগৰিসকলক পুনৰ বিবেচনা কৰি চাবলৈ কয়। ২৬ জানুৱাৰীত আমেৰিকাই পাকিস্তানৰ বাবে ভ্ৰমণ নিৰ্দেশনা (Travel Advisory) জাৰি কৰিছে। য’ত কোৱা হৈছে যে, অপৰাধ, নাগৰিক অশান্তি, সন্ত্ৰাসবাদ, অপহৰণৰ আশংকাৰ বাবে পাকিস্তান ভ্ৰমণৰ পূৰ্বে চিন্তা কৰা উচিত।

তথ্য অনুসৰি, পাকিস্তানক লেভেল ৩ এডভাইজাৰীৰ ভিতৰত ৰখা হৈছে, এই শ্ৰেণীয়ে অধিক বিপদৰ ইংগিত দিয়ে। পৰামৰ্শত কোৱা হৈছে যে, পাকিস্তানত সতৰ্কবাণী অবিহনে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’ব পাৰে। ইয়াৰ ভিতৰত পৰিবহণ কেন্দ্ৰ, হোটেল, বজাৰ, শ্বপিং মল, সামৰিক আৰু নিৰাপত্তা স্থান, বিমানবন্দৰ, ৰে’ল, বিদ্যালয়, চিকিৎসালয়, উপাসনাস্থলী, পৰ্যটনস্থলী, চৰকাৰী ভৱন আদি অন্তৰ্ভুক্ত।

এই ঠাইলৈ যোৱাত বাধা

ষ্টেট ডিপাৰ্টমেণ্টৰ এডভাইজাৰীত, আমেৰিকাৰ নাগৰিকক লেভেল ৪ ত অন্তৰ্ভুক্ত ঠাই ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। সতৰ্কবাণী দি কোৱা হৈছে যে, এই ঠাইত বিশেষকৈ চৰকাৰী বিষয়া আৰু ব্যক্তিগত নাগৰিকৰ বিৰুদ্ধে হত্যা, অপহৰণৰ চেষ্টা সাধাৰণ কথা। এই ঠাইত খাইবাৰ পখতুনখোৱা অন্তৰ্ভুক্ত আছে।

লগতে কৈছে যে, স্থানীয় আইন অনুসৰি অনুমতি অবিহনে প্ৰতিবাদত নিষেধাজ্ঞা আৰোপ কৰে, গতিকে এনে কাৰ্যত অংশগ্ৰহণৰ পৰা আমেৰিকাৰ নাগৰিকক আঁতৰত থাকিবলৈ কয়। লেভেল ৩য়ে গুৰুতৰ সুৰক্ষাজনিত বিপদৰ ইংগিত দিয়ে। লগতে পাকিস্তান ভ্ৰমণৰ পূৰ্বে  পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে।

আমেৰিকাৰ লেভেল ৪ৰ পৰামৰ্শ

আমেৰিকাৰ লেভেল ১ ভ্ৰমণ পৰামৰ্শই সাধাৰণ সাৱধানতাক বুজায়। ইয়াত নাগৰকিক কিছু বিপদৰ বাবে সতৰ্কবাণী কৰি দিয়া হয় আৰু যাত্ৰাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিবলৈ কয়। লেভেল ২ এক উচ্চ পৰ্যায়ৰ সতৰ্কবাণী, যেতিয়া অঞ্চলটোত সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি বিপদ বৃদ্ধি পায় তেতিয়া এই পৰ্যায়ৰ পৰামৰ্শ দিয়ে।

ভ্ৰমণ পুনৰ বিবেচনা কৰিবলৈ লেভেল ৩ এডভাইজৰী দিয়া হয়। ইয়াৰ অধীনত সেই ঠাইত গুৰুতৰ বিপদ হব পাৰে বুলি সকীয়াই দিয়ে। ইয়াৰ বিপৰীতে ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ লেভেল ৪ এডভাইজাৰী জাৰি কৰা হয়। ইয়াৰ অধীনত সেই স্থানলৈ নাযাবলৈ কঠোৰ পৰামৰ্শ দিয়া হয়। এই পৰ্যায়ত জৰুৰীকালীন অৱস্থাত আমেৰিকা চৰকাৰে ভ্ৰমণকাৰীক সহায় আগবঢ়াব নোৱাৰিব।

 

Post a Comment

Previous Post Next Post