জামিন পাব নেকি? জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি আদালতত শুনানি


 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ আজি কামৰূপ মেট্ৰ’ৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতত হ’ব নিয়মীয়া শুনানি। পূৰ্বে সংৰক্ষণ ৰখা ৩ অভিযুক্তৰ জামিনৰ আজি (৩০জানুৱাৰী) ৰায়দান কৰিব আদালতে। এই গোচৰৰ অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু ২ দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিন আবেদনৰ ওপৰত ৰায় প্ৰদান কৰিব ন্যায়ালয়ে। ইতিমধ্যে শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদন পূৰ্বৰত শুনানিত প্ৰত্যাহাৰ কৰিছিল। গোচৰটোৰ উন্নীতকৰণ, ব্যক্তিগত আৰু আইনী কাৰণ দৰ্শাই মহন্তই আবেদন প্ৰত্যাহাৰ কৰিছিল।

খবৰ অনুসৰি, শ্যামকানু মহন্তৰ অধিবক্তাৰ দ্বাৰা জামিন প্ৰত্যাহৰৰ আবেদন দাখিল কৰিছিল আদালতত। জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গেও লোক অধিবক্তাৰ জৰিয়তে প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। গতিকে আজি আন ৩জনৰ জামিন আবেদনৰ ওপৰত শুনানি হ’ব। এই ৩ অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত আবেদন দাখিল কৰিছে এছ আই টিয়ে। জুবিন পত্নী গৰিমা গাৰ্গেও নিজৰ অধিবক্তাৰ দ্বাৰা ৩ অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন দাখিল কৰিছে।

আজিৰ শুনানিত শ্যামকানু, শেখৰ আৰু সিদ্ধাৰ্থই দাখিল কৰা আন কেইবাখনো আবেদনৰ শুনানি হ’ব। সিদ্ধাৰ্থৰ ফটাশিলৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ 3A ফ্লেট জব্দ কৰিবলৈ SIT য়ে আদালতত আবেদন দাখিল কৰিছিল।  এই আবেদনত এছ আই টিয়ে জুবিনৰ ধন আত্মসাৎ কৰি ফ্লেটটো সিদ্ধাৰ্থই ক্ৰয় কৰাৰ তথ্য উল্লেখ কৰিছে। SIT য়ে দাখিল কৰা আবেদনৰো আজি শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ বিপ্লৱ বৰুৱা আদালতে।

একেদৰে শ্যামকানু মহন্তৰ কেইবাটাও বেংক একাউন্ট Defreeze কৰিবলৈ আদালত দাখিল কৰিছিল আবেদন। সেই আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে। শেখৰজ্যোতি গোস্বামীয়ে উন্নত স্বাস্থ্য পৰীক্ষা বিচাৰি দাখিল কৰা আবেদনৰো হ’ব শুনানি। গতিকে আজি আদালতে কি ৰায় দিয়ে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

Post a Comment

Previous Post Next Post