Zubeen Garg: মৃত্যুৰ পূৰ্বে গুৱাহাটীত নিজৰ সকলো সৃষ্টি একেলগে চাই গৈছিল জুবিন গাৰ্গে

 


হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ প্ৰয়াস। জুবিন গার্গৰ প্ৰায় ৩৮ হাজাৰ গীত সংৰক্ষণ কৰি যুৱকজনে সাজি উলিয়ালে এটা গীতৰ সংগ্ৰহালয়। গুৱাহাটীৰ বিশাল কলিতাই ২৫ বছৰ ধৰি সংগ্ৰহ কৰিছিল জুবিন গাৰ্গে কণ্ঠদান কৰা এলবাম, CD কেছেট, ভিচিডি। কেৱল এয়াই নহয় জুবিন গাৰ্গে ৰচনা কৰা কবিতা পুথি, পুৰণি মেগাজিন আৰু বহু পোষ্টাৰ।

বিশালে জন্মগ্ৰহণ কৰা পৰিয়ালৰ প্ৰত্যেকজন সদস্য‌ই সংগীত ভালপোৱা মানুহ। সৰুৰে পৰা গান শুনি গাই ভালপোৱা ল'ৰা আছিল বিশাল কলিতা। তেনেকৈ সংগীতৰ জগতত নিজেও প্ৰৱেশ কৰিছিল তেওঁ। জুবিন গাৰ্গৰ গীত নুশুনিলে টোপনি নাহে বিশালৰ। ‘মায়াবিনী ৰাতিৰ বুকু’ৰ পৰা আৰম্ভ কৰি ‘মুগ্ধ হিয়া মোক’ প্ৰতিটো কালজয়ী গীতৰ কলিৰ অনুৰাগী বিশাল।
জুবিন গাৰ্গৰ অনুৰাগী হিচাপে কোনেও নভবা এটি কাম কৰি সকলোকে আচৰিত তুলিলে তেওঁ। কেতিয়াও পৰিকল্পনা নাছিল যে হার্টথ্ৰব জুবিন গার্গে ৯০ দশকৰ পৰা আজিলৈ কণ্ঠদান কৰা  প্ৰায় ৪০ হাজাৰ গীত ৰাইজৰ মাজৰ পৰা হেৰাই যাব নিদিয়াকৈ শিল্পীগৰাকীৰ সৃষ্টিৰাজি সংৰক্ষণ কৰি সংগ্ৰহালয় নিৰ্মাণ কৰিব। মঙ্গলবাৰে নিজে জুবিন গাৰ্গে ‘জুবিন গাৰ্গ সংগ্ৰহালয়টো’ শুভ উদ্বোধন কৰে।১ লাখ CD কেছেট নিজৰ বাসগৃহত সংৰক্ষণ কৰি ৰাখি আছিলে ২ টা বছৰে । সংগ্ৰহালয়টোত জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰথম এলবাম ‘সপোনৰ সুৰ’ৰ পৰা আৰম্ভ কৰি ‘মিছন চাইনা’ৰ DVD খনো উপলব্ধ হৈ আছে ।‌ বিশাল কলিতাই ৰাইজৰ বাবে দুৱাৰ খোলা ৰাখিছে সংগ্ৰহালয়টোত। ইতিমধ্যে বহু অনুৰাগীয়ে চাবলৈ আহিছে।‌ বিশাল কলিতাই কয় যে কলিকতাৰ পৰা ২৫ হাজাৰ টকাতো এখন কেছেট তেওঁ ক্ৰয় কৰিছিল। বহু কষ্ট কৰি বহু বছৰ ধৰি সংগ্ৰহ কৰি বৰ্তমান সময়ত জুবিন গাৰ্গ সংগ্ৰহালয়টো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হ'ল।কোনোবা অনুৰাগীয়ে যদি জুবিন গাৰ্গৰ গীতৰ কেছেট সংগ্ৰহালয়তটোত জমা কৰিব বিচাৰে সেয়াও কৰিব পাৰিব।‌ কাৰণ জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰতিটো গানে হৃদয় চুই যোৱা। এই সৃষ্টিৰাজিক জীয়াই ৰখাটো আমাৰ কৰ্তব্য। বিশাল কলিতাৰ ভৱিষ্যত‌ পৰিকল্পনা এয়া যে ইয়াতকৈ অধিক বৃহৎ আকাৰত জুবিন গাৰ্গৰ সংগ্ৰহালয়ত নিৰ্মাণ কৰি ভৱিষ্যত নৱপ্ৰজন্মমক কণ্ঠশিল্পীগৰাকীৰ সৃষ্টিৰাজিৰ বিষয়ে অৱগত কৰি ৰখাৰ।

Post a Comment

Previous Post Next Post