বিহু বুলিলেই আপোন গাঁওখনলৈ আহি গৰু বিহু পালন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গৰু বিহুৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাও বেঙেনাৰ চাক লৈ ৰোমন্থন কৰিলে অতীত। নিজৰ জন্ম স্থান বিন্ধাকটা মুলুকগাঁৱত পুৱাই নিভাঁজ চহা অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ গৰু বিহু পালন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ঘৰৰ ল’ৰা ঘৰতে বিহু উদযাপন কৰিব। সেয়ে দিল্লীৰ পৰা উৰা মাৰি আহি পুৱাই গাঁওবাসীৰ সৈতে গৰু বিহু পালন সৰ্বানন্দ সোণোৱালৰ। গৰু বিহুৰ দিনটোত ওপজা গাঁওখনিৰ ল’ৰালিৰ মাদকতা বিচাৰি বিন্ধাকটা মুলুকগাঁৱলৈ আহিল সকলোৰে মৰমৰ ‘কুকৈ’। নৈ-পুখুৰী পাৰত গাঁওবাসীৰ সৈতে একেলগে গৰুক গা ধুৱাই সোণোৱালে সুঁৱৰিলে ল’ৰালিৰ পুৰণি স্মৃতি।
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা…মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু। আজি গৰু বিহু। ওপজা গাঁও চাবুৱাৰ বিন্ধাকটা মুলুকগাঁৱত গৰু-গা ধুৱাই নষ্টালজিক হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে পুৱাই চাবুৱাৰ জন্ম গাঁও বিন্ধাকটা মুলুকগাঁৱৰ সমনীয়া বন্ধুবৰ্গৰ সৈতে উদযাপন কৰিলে গৰু বিহু। গৰু বিহুৰ দিনটোত দীঘলতি, মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই গা-ধুৱাই পৰম্পৰা ৰক্ষা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। গৰুক গা-ধুওৱা সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, বহুকেইজন নেতাৰ লগতে স্থানীয় গাঁৱৰ জ্যেষ্ঠ-কনিষ্ঠ পুৰুষ-মহিলা সকলোৱে। এনেদৰেই এদিনৰ বাবে নিজৰ গাঁৱলৈ আহি মাদকতা লৈ উৎফুল্লিত হৈ পৰিল সোণোৱাল।