ABSUৰ অধিৱেশনত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে


 

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে আজি ভাগ ল’ব এবছুৰ ৫৭সংখ্যক বাৰ্ষিক অধিৱেশনত। শুকুৰবাবে সন্ধিয়া অসমত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সেনাৰ বিমানযোগে ৰৰৈয়া বিমান বন্দৰত উপস্থিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ।

শনিবাৰে দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পিছতে শনিবাৰে আইজললৈ যায় গৃহমন্ত্ৰীগৰাকী।

আজি দিনৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ’ব কোকৰাঝাৰৰ দতমাত।  নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত মুখ্য অতিথি হিচাপে ভাগ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ভাগ ল’ব অধিৱেশনত। BTR প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাজনো মন্ত্ৰী-বিধায়কক আমন্ত্ৰণ কৰা হৈছে এবছুৰ ৫৭সংখ্যক বাৰ্ষিক অধিৱেশনত। প্ৰায় দুই লাখ লোকৰ সমাগমৰ সম্ভাৱনা আছে এবছুৰ এই অধিৱেশনত।ইফালে এবছুৰ অধিৱেশনৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ পোনে পোনে গুৱাহাটীলৈ ৰাওনা হ’ব। গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে উত্তৰ পূবত ভাৰতীয় ন্যায়-সংহিতাৰ প্ৰয়োগ সন্দৰ্ভত পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

Post a Comment

Previous Post Next Post