Guwahati News : মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা


 

মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মহিন্দ্ৰা বলেৰ’ৰ প্ৰচণ্ড খুন্দা বাইকত। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিজনকৈ বাইক আৰোহী। সংকটজনক অৱস্থাত তিনিওকে ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই দুৰ্ঘটনাত পতিত লোককেইজনৰ পৰিচয়।

দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’খনৰ নম্বৰ AS 25 G 8420। দুৰ্ঘটনাৰ পিছতে বাহনখন এৰি পলায়ন কৰে চালকসহ আৰোহীয়ে। বাইকত খুন্দিয়াই উৰণীয়া সেঁতুৰ ডিভাইডাৰত উঠি যায় বলেৰ’ বাহনখন। এই দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে AS 01FY 7113 নম্বৰৰ বাইকখন।



Post a Comment

Previous Post Next Post