নলবাৰীত আৰক্ষীৰ এনকাউণ্টাৰ। দেওবাৰে পুৱতি নিশা আৰক্ষীক আক্ৰমণ কৰি পলোৱাৰ চেষ্টা কৰোতেই ডকাইতলৈ লক্ষ্য কৰি গৰজি উঠিল পুলিচৰ পিষ্টল। গুলী খাই পাগলাদিয়া নৈৰ পাৰত বাগৰি পৰিল ১৯ জুলাইত মুকালমুৱাত জাকিৰ আলী নামৰ ব্যৱসায়ীৰ পৰা ১০ লাখ টকা লুটি নিয়া কুখ্যাত ডকাইত হামিদ আলী। ১৯ জুলাইৰ সন্ধিয়া ৫ বাজি ৪৫ মিনিটত জোতা-চেণ্ডেলৰ ব্যৱসায়ী জাকিৰ আলীক গুলীয়াই ১০ লাখ টকা লুটি নিছিল হামিদ আলী এণ্ড কোম্পানীয়ে। মুকালমুৱাৰ ডকাইতি কাণ্ডৰ ২৪ ঘণ্টা নৌহওতেই নলবাৰী আৰক্ষীৰ জালত পৰিল হামিদ আলী। শনিবাৰে পুৱা সুতাৰকুছিৰ পৰা হামিদ আলীক গ্ৰেপ্তাৰ কৰি জেৰা চলাওতেই পোহৰলৈ আহিল ডকাইতি কাণ্ডৰ আঁৰৰ কাহিনী।
হামিদ আলীৰ স্বীকাৰোক্তিৰ পাছতে আৰক্ষীৰ জালত পৰিল কংকন ডেকা নামৰ আন এটা ডকাইত। মুকালমুৱাৰ আদাবাৰী গাঁৱৰ কংকনক গ্ৰেপ্তাৰৰ পাছতে ডকাইতিত ব্যৱহাৰ হোৱা বাইকৰ লগতে আৰক্ষীয়ে জব্দ কৰিলে এটা পিষ্টল। জব্দ কৰা পিষ্টলৰ গুলীৰ সৈতে জাকিৰ আলীক গুলীওৱাওতে ব্যৱহাৰ কৰা গুলীৰ মিল পোৱাৰ পাছতে লুটি নিয়া ধন বিচাৰি ওলাল নলবাৰী আৰক্ষী। শনিবাৰে নিশা হামিদ আলীয়ে দেখুৱাই দিয়া বাটেৰে আগবাঢ়ি গৈ পাগলাদিয়া নৈৰ পাৰৰ সুতাৰকুছি গাঁৱত উপস্থিত হ’ল আৰক্ষীৰ দল। কিন্তু ১০ লাখ টকা বিচাৰি অভিযান চলি থকাৰ মাজতে আৰক্ষীক আক্ৰমণ কৰি পলোৱাৰ চেষ্টা কৰিলে হামিদ আলীয়ে।
হামিদ আলীৰ আক্ৰমণত এজন কনিষ্টবলৰ লগতে উপ-পৰিদৰ্শক আহত হোৱাৰ পাছতে গৰজি উঠিল সতীৰ্থৰ বন্দুক। হামিদৰ সোঁভৰিৰ আঠুৰ তলত আঘাত কৰিলে আৰক্ষীৰ গুলীয়ে। লগে লগে ঠাইতে ঢলি পৰিল ডকাইত হামিদ আলী। প্ৰথমে মুকালমুৱা স্থাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হামিদ আলীক চিকিৎসকৰ পৰামৰ্শত প্ৰেৰণ কৰা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। এতিয়া ১০ লাখ টকা উদ্ধাৰ কৰিবলৈ মুকালমুৱা থানাৰ হাজোতত থকা কংকন ডেকাক জেৰা চলাইছে নলবাৰী আৰক্ষীয়ে। লগতে বৰপেটা জিলাৰ চতলাৰ জাকিৰক গুলীয়াই ১০ লাখ টকা লুটি নিয়া ডকাইতৰ দলৰ প্ৰতিটো সদস্যক কৰায়ত্ব কৰিব বুলি নিশ্চিত হৈ আছে নলবাৰী আৰক্ষী।
.jpg)