আলফা শেষ- অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াও শেষ; পৰিচয় সলনি হ'ব সকলো নেতা-কেডাৰৰ


 

আজি ২৩ জানুৱাৰী, ২০২৪ ৷ মংগলবাৰ ৷ ৮ মাঘ, ১৯৪৫ শক ৷ আজি মংগলবাৰৰ দিনটোতে ভংগ হ’ল নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম (আলফা) ৷ ৪৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ ৰক্তৰঞ্জিত ইতিহাসক সমাপ্তি ঘটাই মংগলবাৰে ভংগ কৰি দিয়া হ’ল সংযুক্ত মুক্তি বাহিনীক ৷সংগঠন হিচাপে আজিৰে পৰা আৰু নাম-নিচান নোহোৱা হ’ল আলফাৰ ৷ দৰং জিলাৰ ছিপাঝাৰত থকা আলফাৰ নৱ নিৰ্মাণ কেন্দ্ৰত আজি অনুষ্ঠিত হৈছিল সংগঠনটোৰ অন্তিমখন সাধাৰণ পৰিষদৰ বৈঠক ৷ এই বৈঠকতে আলফা ভংগৰ সিদ্ধান্তটো গ্ৰহণ কৰা হয়৷সংগঠনটো ভংগ হোৱাৰ লগে-লগে সংগঠনটোত বিগত তিনি-চাৰিটা দশকত জনাজাত হোৱা নামবোৰো আজিৰে পৰা অতীত হ’ব ৷ এক কথাত পিতৃ-মাতৃয়ে জন্মৰ পিছত দিয়া নামেৰেহে আজিৰ পৰা জনা যাব সংগঠনটোৰ নেতা-কেডাৰসকলক ৷ এই হিচাপত ইতিহাসত লীন যাব সভাপতি অৰবিন্দ ৰাজখোৱাৰ নামটো ৷ প্ৰকৃত নাম ৰাজীৱ ৰাজকোঁৱৰ হিচাপেহে জনমানসত নিজক পৰিচয় দিব আজিৰ দিনটোলৈ অৰবিন্দ ৰাজখোৱা নামেৰে জনাজাত ৰাজীৱ ৰাজকোঁৱৰে ৷ একেদৰে আলফাৰ প্ৰতিষ্ঠাকালৰ সদস্য তথা সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ নামটো ওৰ পৰি আজিৰে পৰা তেওঁ জনমানসত নিজক পৰিচয় দিব জন্মলগ্নৰ নাম গোলাপ বৰুৱা হিচাপে ৷


নামবোৰ সকলোৰে সলনি হ’ব, যিসকলে দশকৰ পিছত দশক ধৰি সাংগঠনিক নামেৰে জনাজাত হৈ আহিছিল ৷ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীয়ে প্ৰকৃত নাম দীপক কছাৰী, উপ সেনাধ্যক্ষ ৰাজু বৰুৱাই হিতেশ কলিতা, বৈদেশীক সচিব শশধৰ চৌধুৰীয়ে শৈলেন চৌধুৰী, উপসভাপতি প্ৰদীপ গগৈয়ে সমীৰণ গগৈ, বিত্ত সচিব চিত্ৰবন হাজৰিকাই চিত্ৰ হাজৰিকা হিচাপে নিজৰ প্ৰকৃত পৰিচয়লৈ উভটি যাব ৷ একেদৰে সংগঠনৰ দ্বিতীয় পৰ্যায়ৰ নেতা মৃণাল হাজৰিকাই প্লাৱন ফুকন, অণ্টু চাওদাঙে উপেন বুঢ়াগোহাঁই, প্ৰাঞ্জিত শইকীয়াই ৰঞ্জু চহৰীয়া নামেৰে জীৱন আৰম্ভ কৰিব ৷

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৯ ডিচেম্বৰত নতুন দিল্লীত আলফাৰ নেতৃত্বয়ে ভাৰত আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল ৷ চুক্তি মৰ্মে আজি আলফাই সংগঠন হিচাপে ভংগ কৰি দিয়ে ৷ লগতে চলিত মাহতেই আলফাৰ অস্ত্ৰভাণ্ডাৰো চৰকাৰৰ হাতত গটাই দিব ৷

Post a Comment

Previous Post Next Post