আৰ্থ সামাজিক বিষয়ৰ প্রখ্যাত গৱেষণা সংস্থা Public Policy Research Centerয়ে ‘পূৰ্বোদয়’ নামেৰে এক উন্নয়ন প্রতিবেদন প্রকাশ কৰিছে। ২০১৪ চনৰ পিছত উত্তৰ পূৰ্বাঞ্চলত হোৱা উন্নয়নৰ বিভিন্ন দিশ সামৰি এই প্রতিবেদনখন প্রদৰ্শন কৰিলে বিজেপিয়ে ৷ মন্ত্রী জিতেন্দ্র সিঙে হোটেল ভিভান্টাত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত Public Policy Research Centerয়ে প্রকাশ কৰা ‘পূৰ্বোদয়’ প্রতিবেদনখন উন্মোচন কৰে।
প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি,
- ১) কেন্দ্ৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ড’নাৰ মন্ত্ৰনালায় আৰু উত্তৰ-পূব পৰিষদৰ অধীনত ২০১৪ৰ পৰা ২০২২ চনলৈ ১৫,৮৬৭ কোটি টকা মূল্যৰ ১,৩৫০টা প্রকল্পৰ বাবে অনুমোদন জনাইছে।
- ২)দুৰ্ঘটনাৰ পৰিমাণ ৬৩ শতাংশলৈ হ্রাস পাইছে। ২০০৬-২০১৪ বর্ষলৈ ৮৭০০ টা দুর্ঘটনা সংঘটিত হৈছে। ইয়াৰ বিপৰীতে ২০১৪-২০২২ বৰ্ষত মাত্র ৩১৯৫ টা দুর্ঘটনা সংঘিটত হৈছে।
- ৩) ২০২৩-২০২৪ বিত্তীয় বর্ষৰ বাজেটত ধনৰ আবণ্টন দিছিল ৫৮৯২ কোটি টকা। ২০২২-২৩ বৰ্ষৰ ২৭৫৫ কোটি টকাৰ তুলনাত উক্ত ধনৰ আবণ্টন ১১৪ শতাংশ বেছি। ২০১৪-১৫ বর্ষব বাজেটত আবণ্টিত ধনতকৈ ২০২৩-২৪ ত আবন্টিত ধনৰ পৰিমাণ ১৮২৫.৫ কোটি টকা বৃদ্ধি হৈছে।
- ৪) কেন্দ্রীয় বাজেট ২০২৩-২৪ ত সৰ্বমুঠ উত্তৰ-পূবৰ বাবে আবণ্টিত ধনৰ পৰিমাণ ১০ শতাংশ বৃদ্ধি কৰি ৯৪৬৭৯.৫৩ কোটি টকা বৃদ্ধি কৰা হৈছে। ২০১৪-১৫ বর্ষব তুলনাত ২৪৪ শতাংশ বৃদ্ধি হৈছে উত্তৰ-পূবৰ বাবে আবণ্টিত ধনৰ।
- ৫) উত্তৰ-পূৰ্বাঞ্চলত ২০১৩ - ১৪ বৰ্ষত ৮৪৮০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ আছিল। ২০২২-২৩ৰ ভিতৰত ইয়াৰ পৰিমাণ ৮৫.৫৫ শতাংশ বৃদ্ধি হৈছে। অর্থ্যাৎ ১৫,৭৩৫ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ হৈছে।
- ৬)২০২২ চনৰ আগষ্ট মাহত নাগালেণ্ডে শোখুভিত স্বাধীনতাৰ ১০০ বছৰৰ পিছত দ্বিতীয়টো ৰে’ল ষ্টেশ্যন লাভ কৰিছে।
- ৭)২০২২ চনৰ জানুৱাৰীত মনিপুৰে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত মালবাহী ৰে’লৰ সংযোগ লাভ কৰিছে।
- ৮)১৯৯৭ চনৰ জানুৱাৰী মাহত নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা বগীবিল দলং ২০১৮ চনৰ ডিচেম্বৰ মাহত মুকলি কৰা হৈছিল।
- ৯)২০১৫ চনত অৰুণাচল প্রদেশৰ ৰাজধানী ইটানগৰ আৰু ২০১৬ চনত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত ৰে’লপথ সংযোগ কৰা হৈছিল।
- ১০)২০১৪ চনলৈক উত্তৰ-পূবঞ্চিলত ৯ টা বিমান বন্দৰৰ লগতে ১ টা জলপথ আছিল। ২০২৩ চনত বিমান বন্দৰৰ সংখ্যা ১৭ আৰু জলপথৰ সংখ্যা ১৮ টালৈ বৃদ্ধি পাইছে।
- ১১)২০১৬ চনৰ পৰা কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ ৮৫.৩৪ শতাংশলৈ বৃদ্ধি হৈছে। ইয়াৰ পৰিমাণ ২০১৬-১৭ বৰ্ষত ২.৫২ নিযুত আমেৰিকান ডলাৰ আছিল ইয়াৰ পৰিমাণ ২০২১-২২ বৰ্ষত বৃদ্ধি হৈ ১৭.২ নিযুত আমেৰিকান ডলাৰ হৈছে।
- ১২)উত্তৰ-পূৰ্বাঞ্চলত ২০২২ চনৰ ২৮ মাৰ্চলৈকে ২৭ লাখতকৈয়ো অধিক লোকৰ আয়ুষ্মান কার্ডৰ সৈতে সংযোগ কৰা হৈছে।
- ১৩) প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অন্যতম অভিলাষী আঁচনি বুলি পৰিচিত জনধন যোজনাৰ অধীনত ২০২৩ চনৰ মে’ মাহ পর্যন্ত ২.৪৪ কোটি বেংক একাউণ্ট উত্তৰ-পূৰ্বাঞ্চলত খোলা হৈছে।
- ১৪)২০১৬ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৩৬ হাজাৰ কোটি টকা এম জি এন ৰেগাৰ অধীনত বিনিয়োগকৰি কেইবাশ কোটি (163 crores of Man-days of employment have been generated)লোক উপকৃত হৈছে।
- ১৫)২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৯৪ লাখ পৰিয়ালে জল জীৱন মিছনৰ অধীনত বিশুদ্ধখোৱাপানীৰ যোগান নলৰ জৰিয়তে লাভ কৰিছে।
- ১৬) উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি উন্নত কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্যোগত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বহু কেইটা জলন্তৰ আৰু দীৰ্ঘম্যাদী সংঘাতৰ বুজাবুজিৰ জৰিয়তে সমাধান কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত আমি বড়ো চুক্তি, কাৰ্বি আংলং চুক্তি,অসম-মেঘালয় আন্তঃৰাজ্যিক সীমা নির্ধাৰণ চুক্তি, অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ চুক্তি, ব্ৰ-ৰিয়াং চুক্তি আৰু ত্ৰিপুৰাৰ বিদ্রোহী সংগঠন নেচনেল লিবাচেন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ সৈতে হোৱা শান্তি চুক্তিৰ কথা উল্লেখ কৰিব পাৰি। এই চুক্তি সমূহৰ ফলত সমগ্ৰ অঞ্চলটোত হিংসাত্মক ঘটনা ব্যাপক হাৰত হ্ৰাস পাইছে। ২০১৪ চনত অঞ্চলটোত ৮২৪ টা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৪ ত ১৫৮ টালৈ হ্রাস হয়।
- ১৭) প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনত শাসনভাৰ লোৱাৰ পৰা উত্তৰ-পূবৰ সর্বাংগীন উন্নয়নৰ বাবে বৰ্তমানলৈকে ৫০ বাতকৈয়ো অধিক পৰিভ্ৰমণ কৰিছে। তেখেতৰ পৰিভ্ৰমণৰ পিছত উত্তৰ পূবৰ স্থলপথ, জলপথ আৰু আকাশী পথলৈ আমূল পৰিৱৰ্তন আহিছে। উদাহৰণস্বৰূপে উত্তৰ-পূবৰ ৰে’লপথ ব্যৱস্থাৰ উন্নয়নৰ বাবে ২০০৯-১৪ বৰ্ষৰ গঢ় আবণ্টিত ধন ২১২২ কোটি টকাৰ বিপৰীতে ৩৭০ শতাংশ বৃদ্ধিৰে ৯৯৭০ কোটি টকা কৰা হৈছে।
- ১৮) ২০২৩ চনৰ ৫ মে’ৰ পৰা ম্যানমাৰৰ শ্বিটৱে বন্দৰ আৰম্ভ কৰি ভাৰত চৰকাৰে সমগ্র দক্ষিণ-পূব এছিয়াৰ দেশ সমূহৰ মাজত জল আৰু ভূমি দুয়োটাৰে সংযোগ ব্যৱস্থাৰ ব্যাপক উত্তরণ ঘটোৱাত সফল হৈছে। এই ব্যৱস্থাৰ জৰিয়তে ASEAN দেশ সমূহৰ মাজত যোগাযোগ ব্যৱস্থাৰ ব্যাপক সম্প্ৰসাৰণ হ’ব। ভাৰত ম্যানমাৰ আৰু থাইলেণ্ডৰ মাজত নিৰ্মাণ আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় পথে সমগ্র দক্ষিন-পূব এছিয়াৰ লগতে উত্তৰ-পূর্বাঞ্চলৰ বিকাশত ব্যাপক অৰিহণা যোগাব। এই সমগ্র প্রকল্প Kaladam Multimodal Transit Transport Project ৰ অধীনত সামৰি লোৱা হৈছে।
- ১৯) উত্তৰ-পূবক জৈৱিক খেতিৰ হাব ৰূপে গঢ়ি তুলিবৰ বাবে নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে উত্তৰ পূবৰ বাবে পূর্বতে থকা নিয়ম-নীতিৰ পৰিৱৰ্তন কৰি আন্তঃগাঁথনিব উন্নয়নৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। উত্তৰ-পূবৰ সৰ্বমুঠ খেতি মাটিৰ প্রায় ৭ শতাংশ জৈৱিক খেতিৰ বাবে উপযুক্ত বুলি স্বীকৃতি প্রদান কৰিছে। Mission Organic Value Chain Development প্রচেষ্টাৰ অধীনত উত্তৰ-পূবৰ ছিকিমক ভাৰতৰ প্ৰথম জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। এই প্রচেষ্টৰ অধীনত ১৭৭ লাখ হেক্টৰ মাটি আৱৰি লোৱা হৈছে। সৰ্বমুঠ ১৭০ টা এফ পি অ’ সৃষ্টি কৰি ১.৫৩ লাখ খেতিয়কক উপকৃত কৰিছে। খেতি চপোৱাৰ পৰা কৃষি সামগ্ৰী বজাৰত উপলদ্ধ কৰালৈকে সহায়ক হোৱাকৈ ১৪১ টা গোট সৃষ্টি কৰা হৈছে। ২০১৬ চনৰ তুলনাত ২০২২-২৩ চনলৈকে উত্তৰ-পূবৰ পৰা ৰপ্তানি কৰা কৃষি সামগ্ৰীৰ পৰিমাণ ৮৫.৩৪ শতাংশ বৃদ্ধি হৈছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা প্রধানত বাংলাদেশ, ভূটান, মধ্য প্রাচ্য, ইউৰোপ আদি দেশলৈ ৰপ্তানি বৃদ্ধিৰে ২০১৬-১৭ বৰ্ষত লাভ কৰা ২.৫২ মিলিয়ন ডলাৰৰ বিপৰীতে ২০২১-২২ বৰ্ষত ১৭.২ মিলিয়ন ডলাৰলৈ বৃদ্ধিহৈছে।
- ২০) প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে স্বাস্থ্য সেৱা উন্নয়নৰ ক্ষেত্ৰতো ব্যাপক বিনিয়োগকৰিছে। স্বাস্থ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ২০১৪-১৫ বিত্তীয় বর্ষৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ভিতৰত মুঠ ৩১,৭৯৩.৮৬ কোটি টকা উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ কৰা হৈছে। আয়ুষ্মান ভাৰত মিছনৰ অধীনত ৫,৬০০ খন Health Care and Wellnes Center উত্তৰ-পূবাঞ্চলত খোলা হৈছে। প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত ১০.৭ লাখ ৰোগীয়ে চিকিৎসাৰ বাবে এককালীন বিত্তীয় সাহায্য লাভ কৰিছে। ২০২২ চনৰ ২৮ মার্চ পর্যন্ত ২৭ লাখ আয়ুষ্মান ভাৰত ডিজিটেল হেল্থ মিছনৰ অধীনত ২৭ লাখ লোক প্রত্যক্ষভাৱে লাভাম্বিত হৈছে।
- ২১) ২০১৪ চনৰ পৰা চলিত বিত্তীয় বর্ষলৈ উচ্চ শিক্ষা বিকাশৰ কাৰণে নবেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে ১৪০০৯ কোটি টকা ব্যয় কৰিছে। এই সময়ছোৱাত কেন্দ্রীয় বিশ্ববিদ্যালয়, কেন্দ্রীয় বিদ্যালয় আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ ১৯১ টা শিক্ষা প্রতিষ্ঠান উত্তৰ-পূর্বাঞ্চলত প্রতিষ্ঠা কৰা হৈছে। পূর্বব তুলনাত ৩৯ শতাংশ বিশ্ববিদ্যালয় আৰু ৪০ শতাংশ কেন্দ্রীয় শৈক্ষিক প্রতিষ্ঠানৰ সংখ্যা ২০১৪-১৫ বিত্তীয় বর্ষৰ পিছত উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে।
