পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ চৰকাৰৰ! ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি কৰা হৈছে পৰিবহণ কৰ। অধ্যাদেশ জাৰি কৰি বৃদ্ধি কৰিলে নতুন গাড়ীৰ পঞ্জীয়ন মাচুল। এতিয়াৰে পৰা ৩ লাখ টকালৈকে চাৰিচকীয়া বাহনত দিব লাগিব ৪.৫% কৰ। ৩ৰ পৰা ১০লাখ টকীয়া বাহনত দিব লাগিব ৭ শতাংশ কৰ। ১০ৰ পৰা ২০ লাখ টকীয়া বাহনত দিব লাগিব ১০ শতাংশ কৰ। আনহাতে, ২০ লাখতকৈ অধিক মূল্যৰ বাহনত দিব লাগিব ১৪ শতাংশ কৰ।
দুচকীয়া বাহনৰ পঞ্জীয়নৰ ক্ষেত্ৰতো কৰ বৃদ্ধি কৰিলে চৰকাৰে। ১ লাখ টকাৰ মটৰ চাইকেলত দিব লাগিব ৬ শতাংশ কৰ। ১ৰ পৰা ৩ লাখ টকীয়া মটৰ চাইকেলত দিব লাগিব ৮ শতাংশ কৰ। সেইদৰে ৩ লাখৰ ওপৰৰ মটৰ চাইকেলত দিব লাগিব ৯ শতাংশ কৰ।
Tags:
National