ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা, বোকাজানত চাবোনৰ বাকচত উদ্ধাৰ হেৰ'ইন


 

বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ গুলীচালনা আৰক্ষীৰ। খটখটি আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত যোৱা নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলে। এই অভিযানত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।

চাহিদ হুছেইন নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াজনৰ লাহৰীজানস্থিত বৰফৰ ফেক্টৰিত আৰক্ষীয়ে অভিযান চলাই ৯৪ টা প্লাষ্টিকৰ চাবোনৰ বাকচত ১ কেজি ১০০ গ্ৰাম হেৰ’ইন জব্দ কৰে। ড্ৰাগছ মাফিয়াটোৱে এটা কফিনৰ ভিতৰত হেৰ’ইনখিনি লুকুৱাই ৰাখিছিল। এই জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য সাত কোটি টকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ড্ৰাগছ মাফিয়া চাহিদে আৰক্ষীক প্ৰহাৰ কৰি পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে ভৰিত গুলি মাৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত ড্ৰাগছ মাফিয়াটো আহত হয়। গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰীটোক ডিফুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কাৰ্বি আংলং আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া নিশাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

মন কৰিবলগীয়া যে, ছমাহ পূৰ্বে জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছ ব্যৱসায়ত জড়িত হৈছিল কুখ্যাত ড্ৰাগছ মাফিয়া চাহিদ।

Post a Comment

Previous Post Next Post