৭০ বছৰ বয়সত এগৰাকী মাতৃৰ জীৱন যুঁজ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত নিজ পুত্ৰক বচাবলৈ দুহাতজুৰি প্ৰাৰ্থনা। দুয়োটা কিডনি বিকল পুত্ৰৰ চিকিৎসাৰ বাবে বিচাৰিলে আৰ্থিক সাহায্য।
মহানগৰীৰ শান্তিপুৰ নিৱাসী হেৰম্ব মৰল নামৰ ৪০ বছৰীয়া ব্যক্তিগৰাকীৰ দুয়োটা কিডনীয়েই বিকল, হাৰ্টত আছে দুটাকৈ ফুটা। বিগত ৮ বছৰে চিকিৎসা কৰি কৰি ভাগৰি গৈছে ৭০ বছৰীয়া বৃদ্ধা মাতৃ। কিন্তু তথাপি হাৰ মনা নাই। স্বামী আৰু বৰপুত্ৰৰ বিয়োগৰ পিছত সৰু পুত্ৰ, বোৱাৰী আৰু ৭ বছৰীয়া নাতিনীক লৈ জীৱন পাৰ কৰাৰ সপোন দেখিছিল মিনু মৰল নামৰ বৃদ্ধা মাতৃগৰাকীয়ে।
কিন্তু সৰু পুত্ৰৰ দুৰাৰোগ্য ৰোগে থানৱান কৰিলে সকলো সপোন। উৰ্পাজনৰ কোনো পথ নথকা ঘৰখনত ৰাইজ তথা ওচৰ–চুবুৰীয়াৰ সহায়েৰে পুত্ৰক চিকিৎসা কৰিছে দুৰ্ভগীয়া মাতৃগৰাকীয়ে।
শান্তিপুৰৰ হিল ছাইডত থকা ঘৰখনৰো অৱস্থা তথৈবচ। বৰষুণ দিলেই পানী পৰা ঘৰটো মেৰামতি কৰিব পৰা নাই অৰ্থৰ অভাৱত। নিজ পুত্ৰক সুস্থ কৰি তুলিবলৈ এতিয়া সদাশয় লোক আৰু চৰকাৰক বিচাৰিছে সহায়ৰ হাত। কোনো সদাশয় লোকৰ অকণমান সঁহাৰিয়ে উদং হোৱাৰ পৰা ৰক্ষা কৰিব বৃদ্ধা মাতৃগৰাকীৰ বুকু। তাকেই আশা বৃদ্ধা মাতৃগৰাকীৰ। তেওঁক সহায় কৰিবলৈ
