অসমৰ ৰাজনীতিত প্ৰাধান্য বিস্তাৰ কৰা তিনি গগৈ ৷ কংগ্ৰেছৰ গৌৰৱ গগৈ, অজাপৰ লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈ ৷ এই তিনি গগৈ যদি বিৰোধী ঐক্য মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থী হয় তিনিটা লোকসভা সমষ্টিত, সেই সমষ্টি কেইটা কি হ’ব? এই তিনি গগৈক কেন্দ্ৰ কৰি বিজেপিও বাধ্য হ’ব নেকি ষ্ট্ৰেটেজী সলনি কৰিবলৈ?
অসমৰ ৰাজনীতিত অতি প্ৰাসংগিক এতিয়া এই তিনি গগৈৰ ৰাজনীতি ৷ বিৰোধী ঐক্য মঞ্চত একেলগ হোৱা এই তিনি গগৈয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব তাৰ অলেখ লেখ চাই আছে শাসকীয় বিজেপিয়ে ৷ গৌৰৱ গগৈক কংগ্ৰেছে যোৰহাটত প্ৰক্ষেপ কৰাৰ কথা চিন্তা চৰ্চা কৰিলেও গৌৰৱ গগৈয়ে প্ৰস্তাৱিত কাজিৰঙাতে নিৰ্বাচন খেলাৰ ঘোষণা কৰিছে ৷
“কলিয়াবৰবাসী ৰাইজে মোক মৰম দি আহিছে ৷ মই কলিয়াবৰবাসী ৰাইজক উপেক্ষা নকৰোঁ ৷ মই বেলেগ সমষ্টিলৈ যোৱাৰ কথা চিন্তা কৰা নাই ৷ মই কলিয়াবৰবাসী ৰাইজকে পুনৰ সেৱা কৰিব বিচাৰোঁ ৷”- গৌৰৱ গগৈএকে সময়তে বিজেপিয়েও বাৰম্বাৰ গৌৰৱ গগৈক কাজিৰঙাতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ জনাইছে প্ৰত্যাহ্বান ৷
আনহাতে পীয়ূষ হাজৰিকাই কয়, “গৌৰৱ গগৈ হেনো জাতীয় নায়ক ৷ জাতিৰ নায়কজনে প্ৰস্তাৱিত কাজিৰঙা কিয় এৰিব বিচাৰিছেনো? তেওঁ অজাতিৰ ভোট বিচাৰি নগাঁৱলৈ যাৱই নালাগে ৷”
ইফালে, কংগ্ৰেছৰ এক সূত্ৰৰ দাবী আন এগৰাকী শক্তিশালী গগৈ লুৰিণজ্যোতি গগৈক বিৰোধী ঐক্যমঞ্চই প্ৰক্ষেপ কৰিব বিচাৰিছে ডিব্ৰুগড় লোকসভাত ৷ এইক্ষেত্ৰত লুৰিণজ্যোতি গগৈক চৰ্ত দিছে কংগ্ৰেছে ৷ হাতৰ চিহ্নত নিৰ্বাচন খেলিব লাগিব লুৰিণজ্যোতি গগৈয়ে ৷ কংগ্ৰেছৰ যুক্তি হ’ল লুৰিণজ্যোতি গগৈৰ অজাপ দলক নিৰ্বাচন আয়োগে দিয়া আন চিহ্নক আদৰি নল’ব কংগ্ৰেছৰ পকেট ভোটাৰ কিছুমানে ৷ কংগ্ৰেছৰ যুক্তি হাতৰ চিহ্নত ভোট দিয়াৰ দীৰ্ঘদিনীয়া অভ্যাস সলনি নোহোৱাৰ ফলত যদিহে লুৰিণজ্যোতি গগৈয়ে হাতৰ চিনত নিৰ্বাচন নেখেলে হিতে বিপৰীতহে হ’ব ৷ যাৰ দ্বাৰা লাভান্বিত হ’ব বিজেপিহে ৷
ইয়াৰোপৰি, আন এজন গগৈ অখিল গগৈক লৈ এতিয়াও সন্দিহান বীগব্ৰাডাৰ কংগ্ৰেছ ৷ ঐক্যমঞ্চৰ একেবাৰে বিশ্বাসভাজন হৈ উঠা নাই অখিল গগৈ ৷ যাৰ বাবে যদিও অখিল গগৈ বিৰোধী ঐক্যমঞ্চৰ যোৰহাটৰ প্ৰাৰ্থী হ’ব বুলি চৰ্চা চলি আছে তাৰ পিছতো ঐক্যমতলৈ আহিব পৰা নাই বিৰোধী শিবিৰ ৷ এটা কথা ঠিক যে বিৰোধী ঐক্যমঞ্চৰ যদি তিনি সমষ্টিত এই তিনি গগৈ প্ৰাৰ্থী হয়, স্বাভাৱিকতে বিজেপিয়ে সলাব লাগিব নিজৰ ষ্ট্ৰেটেজী ৷ আৰু এই সময়ত শাসকীয় বিজেপিৰ ৰাডাৰত এতিয়া এই তিনি গগৈ ৷
