টিহুৰ কঠালমূৰাত শিশু নাট কৰ্মশালাৰ শুভাৰম্ভ


 

অসম নাট্য সন্মিলনৰ টিহু শাখাৰ উদ্যোগত আজি নলবাৰীৰ কঠালমূৰা ৰাজহুৱা সভাগৃহত পোন্ধৰদিনীয়া শিশুনাট কৰ্মশালাৰ শুভাৰম্ভ কৰাৰ লগতে গুৰুজী যোগেশ শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন হয় । এই উপলক্ষে আজি কঠালমূৰা ৰাজহুৱা সভাগৃহ প্ৰাংগণত নাট্য সন্মিলনৰ পতাকা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰে অসম নাট্য সন্মিলনৰ টিহু শাখাৰ সভাপতি ড° সুৰেশ চন্দ্ৰ শৰ্মাই ।


ইয়াৰ পাছত প্ৰয়াত নাট্যকৰ্মী হীৰকজ্যোতি দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিণী ববিতা দাসে আৰু মাল্যাৰ্পণ কৰে জলখানা ভথুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক ফনীধৰ কলিতাই । নটৰাজৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নাট্যকাৰ, গীতিকাৰ তপন দত্তই । ইয়াৰ পাছত গুৰুজী যোগেশ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভাৰত তালুকদাৰে আৰু মাল্যাৰ্পণ কৰে সাংস্কৃতিক কৰ্মী নৱজ্যোতি পাঠকে ।

১১ বজাত অসম নাট্য সন্মিলনৰ টিহু শাখাৰ সভাপতি ড° সুৰেশ চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত আৰু সম্পাদক দিগন্ত শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা শিশুনাট কৰ্মশালা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি চিৰসেউজ অভিনেতা জয়ন্ত ভাগৱতীয়ে কয় যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু প্ৰতিভাৱান শিল্পী আছে । এই শিল্পী সকলৰ বাবে আমি নিজৰ নিজৰ অঞ্চলত বিভিন্ন ব্যৱস্থা ল’ব পাৰো, যাতে শিল্পী সকলে কিছু হ’লেও সকাহ লাভ কৰে ।অভিনেতা গৰাকীয়ে শিশু সকলক মিছা কথা নকবলৈ আহ্বান জনায় পুনৰ কয় যে চোৰ-ডকাইতেহে মিছা কথা কয়,ভাল মানুহে কেতিয়াও মিছা কথা নকয় । তেখেতে বেয়া বস্তু মুখত নিদিবলৈও আহ্বান জনায় । বক্তব্যৰ মাজে মাজে নাটকৰ বচন আৰু কিছুমান গীতৰ কলি আওৰাই অভিনেতা গৰাকীয়ে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে । বিশিষ্ট নাট্যকৰ্মী হিমাদ্ৰী শৰ্মাই আঁতধৰা অনুষ্ঠানটোত গুৰুজী যোগেশ শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠানত “অসমৰ অপেচাদাৰী নাট্যদল, প্ৰত্যাহ্বান আৰু প্ৰতিকাৰ” শীৰ্ষক বিষয়ৰ ওপৰত বক্তব্য আগবঢ়োৱা নাট্যকাৰ, নাট পৰিচালক বিনোদ ভাগৱতীয়ে কয় যে গুৰুজী যোগেশ শৰ্মাৰ নাটকৰ প্ৰতি দায়ৱদ্ধতা আছিল অসীম ।গুৰুজীয়ে অন্তঃকৰণেৰে নাটক ভাল পাইছিল । তেখেতে ভাল অভিনয়ো কৰিছিল । অসমৰ নাট্য ক্ষেত্ৰখনৰ আজিৰ যি প্ৰসাৰতা সেয়া গুৰুজীৰ নিচিনা নাট্যপ্ৰাণ ব্যক্তি সকলৰ অশেষ ত্যাগৰ ফল । শেষত বিশিষ্ট নাট্যকৰ্মী কুমুদ ভট্টাচাৰ্যই শলাগ জ্ঞাপনৰ পাছত অনুষ্ঠানৰ সামৰণি কৰা হয় ।

Post a Comment

Previous Post Next Post