গুৱাহাটী বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি ...


 

গুৱাহাটী বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি । যাৰ ফলস্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কক সাক্ষাৎ কৰি B.Ed পাঠ্যক্ৰমৰ প্ৰ-পত্ৰ পূৰণৰ বাবে ধাৰ্য্য কৰা অত্যধিক মাচুল সম্বন্ধে আলোচনা কৰে ।

উক্ত সাক্ষাতত স্নাতকোত্তৰ ছাত্ৰ সন্থাই B.Ed ৰ লগতে Ph.D কে আদি কৰি অন্যান্য পাঠ্যক্ৰমৰ প্ৰৱেশিকা পৰীক্ষাৰ মাচুলৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যিদৰে অত্যাধিক নিৰিখ নিৰ্ধাৰণ কৰাত সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰে ।


উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হোৱা স্বত্বেও গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাৰ মাচুল একাংশ অন্যান্য বিশ্ববিদ্যালয়ৰ তুলনাত যথেষ্ট বেছি । দৰিদ্ৰ শ্ৰেণীৰ মেধাৱী ছাত্ৰ ছাত্ৰী সকলৰ বাবে এই মাচুল বৃদ্ধি উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধা হিচাপে ঠিয় দিছে ।

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক পুঁজিবাদী ব্যৱস্থাৰ পৰা আঁতৰি ছাত্ৰ সমাজৰ সুবিধা হোৱাকৈ মাচুল নিৰ্ধাৰণ কৰিবলৈ দাবী জনায় । তেওঁলোকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক মাচুল হ্ৰাস কৰিবলৈ ২৪ ঘন্টাৰ সময় বান্ধি দিয়ে ৷ অন্যথা তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ।

Post a Comment

Previous Post Next Post