এক শিহৰণকাৰী দৃশ্য। এই দৃশ্য বন্দী হৈছে LOCAL 18ৰ কেমেৰাত। দলংবিহীনভাৱেই নলবাৰীৰ টিহুৰ এটা অঞ্চলৰ যাতায়াত। এয়া চাওক কেনেদৰে মৰণক শৰণ দি ভৰ বাৰিষা মৰাপাগলদিয়া নৈ পাৰ হৈছে এটা অঞ্চলৰ ৰাইজে । এই দৃশ্য দেখিলেই গাৰ নোম শিয়ৰি উঠিব আপোনাৰ।
টিহুৰ পশ্চিম গোৱৰাদলত নাই উপযুক্ত যাতায়াত। এখন দলঙৰ অভাৱত এইদৰে নৈৰ মাজেৰে যাতায়াত কৰিছে অঞ্চলটোৰ গঞাই । নৈৰ সিটো পাৰে আছে কৃষিভূমি আৰু চৰণীয়া পথাৰ। এখন দলঙৰ অভাৱৰ বাবে সিপাৰৰ ছাত্ৰ-ছাত্ৰী আহিব নোৱাৰে বিদ্যালয়লৈ। মৰাপাগলদিয়াৰ পানী অকস্মাত বৃদ্ধি পালে ৫- ৬ কিলোমিটাৰ বিকল্প পথেৰে আহিব লাগে ৰাইজ।
খৰালি গাঁৱৰ ৰাইজে মিলি বাহৰ সাঁকো নিৰ্মাণ কৰি যাতায়াত কৰে যদিও বাৰিষা বোৱঁতী নদীয়ে বাহৰ সাঁকো উটুৱাই নিয়ে । এইক্ষেত্ৰত বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আজিলৈকে হৈ নুঠিল এখন দলং । ভাৰতবৰ্ষই স্বাধীনতাৰ সোণালী জয়ন্তী অতিক্ৰম কৰি ৭৬ বছৰত ভৰি দিছে যদিও কেৱল ভুৱা আশ্বাস ,ভুৱা প্ৰতিশ্ৰুতি লৈ জনপ্ৰতিনিধিসকলে হেতালি খেলি অহাৰ বাহিৰে ৰাইজৰ প্ৰস্তাৱ আৰু জলন্ত সমস্যা সমাধানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে।