দিল্লী প্ৰেছ ক্লাৱত ১১ বিৰোধী দলৰ সংবাদমেল: খচৰা মানি নোলোৱাৰ হুংকাৰ


 

অসমৰ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ বিৰুদ্ধে চলা আন্দোলনক এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনৰ ৰূপ দিয়াৰ প্ৰচেষ্টাৰে নতুন দিল্লীলৈ যোৱা ১১ টা ৰাজনৈতিক দলে নতুন দিল্লীতে বহি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা কোনো অৱস্থাতে মানি নিলোৱাৰ হুংকাৰ দিয়ে ৷

‘নিৰ্বাচন আয়োগ আৰু বিজেপি চৰকাৰ ভাই ভাই’ – এই অভিযোগেৰে আজি নতুন দিল্লীত সংবাদ মেলৰ আয়োজন কৰি ১১ টা বিৰোধী ৰাজনৈতিক দলৰ মঞ্চই অসমত হৈ থকা সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া স্থগিত ৰখাৰ তেওঁলোকৰ পূৰ্বৰ দাবী পুনৰ ৰাজহুৱাকৈ উত্থাপন কৰাই নহয়, দেশৰ নিৰ্বাচন আয়োগকো নিৰপেক্ষভাৱে কাম কৰিবলৈ আহ্বান জনায়৷

‘বিৰোধী ঐক্য মঞ্চ, অসম’ নামেৰে গঠিত বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চটোৰ মতে, দেশ তথা ৰাজ্যত একনায়কত্ববাদী শাসন ব্যৱস্থাৰ সূচনা কৰা বিজেপি দলৰ স্বাৰ্থৰ অনুকূলে কাম কৰিছে দেশৰ নিৰ্বাচনী আয়োগে৷ স্বতন্ত্ৰ সাংবিধানিক সংস্থা নিৰ্বাচন আয়োগে যদি শাসক দলৰ বাহিৰে আন কাৰো কথা নুশুনে আৰু কেৱল শাসক দলৰ স্বাৰ্থৰ অনুকুলে কাম কৰে, তেনেহ’লে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু বিপদজনক কাম আন একো হ’ব নোৱাৰে৷
উল্লেখযোগ্য যে যোৱা ২০ জুনৰ দিনা ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ অৰ্থে প্ৰকাশ কৰা খচৰাখনৰ বিৰোধিতাৰে ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ ঢৌ উঠিছে৷ বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহক বাদ দি বাকী প্ৰায় আটাইবোৰ দল-সংগঠনে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ দাবী উত্থাপন কৰি আহিছে৷

উজনি অসমৰ পৰা বৰাক উপত্যকালৈ ৰাজ্যৰ চৌদিশে বিভিন্ন দল-সংগঠনে ৰাজপথৰ আন্দোলন অব্যাহত ৰাখিছে৷ তাৰ মাজতে ৰাজ্যৰ ১১টাকৈ বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চই ভাৰতৰ নিৰ্বাচন আয়োগ আৰু দেশৰ আগশাৰীৰ বিৰোধী দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিবলৈ দুদিন পূৰ্বে নতুন দিল্লীলৈ যাত্ৰা কৰিছিল৷ সেই মৰ্মে তেওঁলোকে দলটোৱে কালি ভাৰতৰ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিবলৈ গৈছিল যদিও নিৰ্বাচন আয়োগে দলটোক সাক্ষাৎ নিদিলে৷ তাৰ প্ৰতিবাদত ১১ টা ৰাজনৈতিক দলৰ নেতৃবৰ্গই কালি নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কাৰ্য্যসূচী পালন কৰে৷ তাৰ সমান্তৰালকৈ বিৰোধী ৰাজনৈতিক দলৰ মঞ্চই নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, চি পি আই দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডি ৰাজা আৰু চি পি আই এ এম দলৰ কেন্দ্ৰীয় নেতাদ্বয় নিলোৎপল বসু আৰু বি এ বেবীসহ কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাক সাক্ষাৎ কৰি সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া সন্দৰ্ভত হৈ থকা অনিয়মসমূহৰ বিষয়ে অৱগত কৰে এই বিষয়ত উক্ত দলসমূহৰ সমৰ্থন বিচাৰে৷

তিনিদিনীয়া ভ্ৰমণসূচীৰ অন্তিম দিনা আজি দিল্লী প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰে বিৰোধী ঐক্যমঞ্চই৷ সংবাদমেলত বিৰোধী ঐক্যৰ হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চৰো সভাপতি  ভূপেন কুমাৰ বৰা , অসম জাতীয় পৰিষদৰ সভাপতি তথা ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ , ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিৰোধী উপ দলপতি ৰকিবুল হুছেইন, সাংসদ অজিত কুমাৰ ভূঞা, সাংসদ গৌৰৱ গগৈ, চি পি আই (এম) দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ , চি পি আই দলৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সদস্য মুনীন মহন্ত,  তৃণমূল কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বক্তব্য ৰাখে৷

সংবাদ মেলত নেতাসকলে সমষ্টি পুনৰ গঠনৰ খচৰাখন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি পুনৰ স্পষ্ট কৰি দিয়ে ৷ আজি সম্বোধন কৰা এক সংবাদমেলত বিৰোধী দলসমূহৰ নেতৃত্বই এই নথা সদৰী কৰে ৷ বিৰোধী নেতৃত্বই অসমৰ সমষ্টি পুননিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগ বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিচালিত  হোৱা বুলিও অভিযোগ কৰে ৷ যাৰ বাবে নিৰ্বাচন আয়োগে বিৰোধী নেতৃবৰ্গক সাক্ষাৎ কৰিবলৈ বিচৰা নাই । সাংবিধানিক সংস্থা এটাক বিজেপিয়ে ব্যৱহাৰ কৰিবলৈ গৈ দেশৰ গণতান্ত্ৰিক পৰিকাঠামোত আঘাত কৰিছে ৷ সংবাদমেলত বিৰোধী নেতৃত্বই সমষ্টি পুননিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰি কয় যে যিহেতু ২০২৬ চনত সমগ্ৰ দেশতে সমষ্টি সমূহৰ সীমাৰ পুননিৰ্ধাৰণ হ’বই তেনে ক্ষেত্ৰত মাত্ৰ তিনিবছৰো কম থকা সময়ত অসমত এই দৌৰাদৌৰি কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ লগতে ২০১১ চনৰ লোকপিয়লৰ তথ্য মজুত থকাৰ পিছতো কি কাৰণত ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুননিৰ্ধাৰণ কৰিবলৈ গৈছে সেয়া সন্দেহৰ বিষয় ৷

Post a Comment

Previous Post Next Post