মহাৰাষ্ট্ৰৰ বুলধানাৰ সম্ৰুদ্ধি ঘাইপথ এক্সপ্ৰেছৱেত নিশা চলন্ত বাছত জুই লগাত তিনিটা শিশুসহ কমেও ২৫ জন লোক নিহত হোৱাৰ লগতে আঠজন লোক আহত হয়। ৩৩ জন যাত্ৰী কঢ়িয়াই নিয়া বাছখনত পুৱা প্ৰায় ১ বাজি ৩০ মিনিটত জুই লাগিছিল। দুৰ্ঘটনাত আহত হোৱা লোকসকলক বুলধানা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, মুখ্যমন্ত্ৰী একনাথ শিন্দেয়ে এই দুৰ্ত্টনাত প্ৰাণ যোৱা মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।
দুৰ্ঘটনাগ্ৰস্থ বাছখন বিদৰ্ভ ট্ৰেভেলছৰ আছিল। অনিয়ন্ত্ৰিত হোৱাৰ পিছত বাছখন দুৱাৰৰ ফালে ওলোটাই পৰিছিল, সেয়েহে বেছি সংখ্যক যাত্ৰীয়ে বাহিৰলৈ ওলাই যোৱাৰ সুযোগ নাপালে। চালকৰ কাষৰ কেবিনত থকা যাত্ৰীসকলহে বাচিবলৈ সক্ষম হৈছে। তেওঁলোকে বাছখনৰ গ্লাচ ভাঙি বাহিৰলৈ ওলাই আহিছিল। চালকসহ আঠজন লোকৰ জুইৰ পৰা প্ৰাণ ৰক্ষা পৰিছে। চালকজনে কৈছিল যে বাছখনৰ টায়াৰ বিস্ফোৰণৰ ফলত নিয়ন্ত্ৰণহীন হৈ বাহনখনে এটা খুটাত খুন্দা মাৰে আৰু ডিভাইডাৰত খুন্দা মাৰাৰ পিছত বাছখন ওলোটা হৈ পৰে। ইয়াৰ পিছত, বাছখনত জুই লাগিছিল। বাছখনত জুই লগাৰ পিছত বহুলোকে বাছখনৰ পৰা নামিবলৈ সুযোগ নাপালে।
উল্লেখ্য যে, বাছখন নাগপুৰৰ পৰা পুনেলৈ গৈ থকা সময়ত বুলধানাৰ সিন্ধখেদ্ৰাজাৰ ওচৰত বাছখনত জুই লাগিছিল। প্ৰাথমিক তথ্য অনুসৰি, বাছখনত ৩৩ জন লোক আছিল। যাত্ৰীসকল শুই থকা সময়ত বাছখনত জুই লাগিছিল বাবে যাত্ৰীসকলে বিপদটো অনুভৱ কৰালৈ জুই বাঢ়ি গৈছিল। এই কাৰণে বাছখনত বহুলোকৰ মৃত্যু হৈছিল।
বুলধানা জিলা উপায়ুক্তৰ কাৰ্যালয়ে সম্ৰুদ্ধি ঘাইপথত সংঘটিত দুৰ্ঘটনাত আহত আৰু মৃতসকলৰ বিষয়ে তথ্যৰ বাবে হেল্পলাইন নম্বৰ জাৰি কৰিছে। এইবোৰ হেল্পলাইন নম্বৰ– ৭০২০৪৩৫৯৫৪, ৭২৬২২৪২৬৮৩
