Lion is Back! কাইলৈ লখিমপুৰত বিমানযোগে উপস্থিত হ'ব আনন্দ মিশ্ৰ

 


IPS আনন্দ মিশ্ৰ, নামেই যাৰ পৰিচয়। অপৰাধীৰ বাবে যমদূতস্বৰূপ এইজন আৰক্ষী বিষয়াৰ নেতৃত্বতে এটা বছৰ পূৰ্বে নগাঁৱত অপৰাধীৰ বিৰুদ্ধে চলিছিল বহু অভিযান। অপৰাধীৰ ভূ-স্বৰ্গ হিচাপে পৰিচিত নগাঁৱত ইটোৰ পিছত সিটো দুধৰ্ষ অপৰাধী ধৰাশায়ী হৈছিল আনন্দ মিশ্ৰ বাহিনীৰ অভিযানত। জালত পৰিছিল বহু কুখ্যাত অপৰাধী।


উল্লেখযোগ্য যে, আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কটিক স্কোৱাডৰ অভিযানত নগাঁৱত জব্দ হৈছিল কোটি কোটি টকাৰ ড্ৰাগছ। স্তব্ধ হৈ পৰিছিল ড্ৰাগছৰ সৰবৰাহ। হাঁহি বিৰিঙিছিল বহু অভিভাৱকৰ মুখত। সমান্তৰালভাৱে বন্ধ হৈছিল নগাঁৱৰ ৰাইজক সৰ্বস্ৰান্ত কৰা অবৈধ তীৰৰ বেহা। সুতখোৰ, মাটিৰ দালাল, আৰক্ষীৰ দালাল সকলোকে ৰঙাঘৰলৈ পঠিয়াই নগঁঞা ৰাইজৰ মাজত সমাদৃত হৈ পৰিছিল আনন্দ মিশ্ৰ। পিছে এটা ভুল এনকাউণ্টাৰৰ বাবেই তেঁওক নগাঁৱৰ পৰা বদলি কৰা হৈছিল।

আনন্দ মিশ্ৰৰ বদলিৰ পিছতে পুনৰ ঠন ধৰি উঠিল নগাঁৱৰ অপৰাধৰ সাম্ৰাজ্য। অপৰাধীৰ সৈতে আৰক্ষীৰ মিতিৰালিয়ে অতীষ্ঠ কৰিলে ৰাইজক। কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাং, ৰূপজ্যোতি কলিতাসহ সকলোকে নগাঁৱৰ পৰা বদলি কৰাৰ সিদ্ধান্তও ল'বলৈ গৃহবিভাগ বাধ্য হ'ল।

একেদৰে নকল সোণ আৰু জালনোটৰ অবাধ সৰবৰাহৰ বাবে বিখ্যাত হৈ পৰা লখিমপুৰ আৰক্ষীৰ ওপৰতো ৰুষ্ট হ'ল অসমৰ গৃহবিভাগ। ৩০ দিনৰ ভিতৰত অসমৰ নকল সোণ আৰু জালনোট সৰবৰাহৰ অভিকেন্দ্ৰ লখিমপুৰৰ সকলো অপৰাধীক দমন কৰাৰ কথা ঘোষণা কৰিলে অসম আৰক্ষীয়ে আৰু এই কাৰ্যৰ বাবে অসম আৰক্ষীৰ একমাত্ৰ ভৰষা যেন আনন্দ মিশ্ৰ। অসম আৰক্ষীৰ এইগৰাকী সুদক্ষ বিষয়া কাইলৈ পুৱা বিমান যোগে লখিমপুৰলৈ ৰাওনা হ'ব। তাৰ পিছতে লখিমপুৰ জিলাক কলংকিত কৰা নকল সোণ আৰু জালনোটৰ বেহাৰ লগত জড়িত কুখ্যাত অপৰাধীক দমনৰ বাবে অভিযান আৰম্ভ কৰিব এইগৰাকী বিষয়াই। ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক আদৰনি জনাইছে আনন্দ মিশ্ৰক। লক্ষীমপুৰৰ অলিয়ে-গলিয়ে এতিয়া আনন্দ মিশ্ৰৰ চৰ্চা। সকলোৰে এটাই মন্তব্য Lion is Back

Post a Comment

Previous Post Next Post