নিশাৰ গুৱাহাটীত সুৰক্ষিত নহয় মহিলা-যুৱতী, মহানগৰীৰ স্মাৰ্ট আৰক্ষীক কেৰেপ নকৰে অপৰাধীয়ে!



 গুৱাহাটীত আজিৰ তাৰিখত নিশা সুৰক্ষিত নহয় মহিলা বা যুৱতী । যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱাৰ পথত গুৱাহাটী মহানগৰী । গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীক কেৰেপ নকৰে অপৰাধীয়ে । উল্লেখযোগ্য যে, নিশা মহানগৰীৰ ব্যস্ত জি এছ ৰোডতে নাৰী অসুৰক্ষিত । নিশা মহানগৰীত কৰ্মস্থলীৰ পৰা ওভতাৰ সময়ত প্ৰায়ে অসুৰক্ষিত অনুভৱ কৰে মহিলা-যুৱতীসকলে ।


অন্যহাতে বহু প্ৰান্তত আৰক্ষীয়ো নথকাৰ অভিযোগ উত্থাপন হৈছে বহু দিনৰে পৰা । ব্যক্তিগত খণ্ডত কৰ্মৰত মহিলা কৰ্মচাৰীসকলে নিশা ১১-১২ বজাত কৰ্তব্য সম্পন্ন কৰি ঘৰলৈ উভতি অহাৰ সময়ত প্ৰায়ে বিভিন্ন প্ৰান্তত বলি হয় নিৰ্যাতনৰ । দুটা দিনৰ পূৰ্বে এগৰাকী মহিলা সংবাদকৰ্মীয়ে নিশা কৰ্তব্যৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত গনেশগুৰিৰ সমীপত অচিনাক্ত বাইক আৰোহীয়ে শৰীৰৰ গোপন অংশত হাত দিয়ে ।

কিন্তু সেইসময়তো গনেশগুৰিৰ অঞ্চলত নাছিল কোনো নিৰাপত্তাৰক্ষী । যাৰ বাবে দিছপুৰ থানাৰ সহায় বিচাৰিবলগীয়া হৈছিল সংবাদকৰ্মীগৰাকীয়ে । আনহে নালাগে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়াও নাই কোনোধৰণৰ ষ্ট্ৰীট লাইট বা চি চি টি ভিৰ ব্যৱস্থা । যাৰ বাবে অসুবিধাত পৰে যুৱতী-মহিলাসকল । একাংশ উদণ্ড যুৱকে নিশা সুৰাৰ ৰাগিত মাতাল হৈ সৃষ্টি কৰে উত্তেজনাময় পৰিৱেশৰ ।

কিন্তু এইবোৰ ঘটনা যেন দেখা নাপায় মহানগৰীৰ প্ৰশাসনে । প্ৰশ্ন হয় মহিলাসকলৰ সুৰক্ষাৰ কথা কেৱল শ্ল'গানতেই কিয় ? ৰাজনৈতিক দলে যিমান মহিলা সুৰক্ষাৰ ক্ষেত্ৰত শ্ল'গান দিলেও যেন বাস্তৱত এটা ডাঙৰ শূন্যলৈ ৰূপান্তৰ হৈছে ।

Post a Comment

Previous Post Next Post