ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : আৰম্ভণিৰ ফালে সমস্যা হ’লেও বুদ্ধিৰ বলত পৰিস্থিতি অনুকুললৈ আনিবলৈ সক্ষম হ’ব।
বৃষ : শৰীৰৰ অৱস্থা নুবুজাকৈ খোৱা–বোৱা কৰিলে বিপদ আহিব পাৰে।
মিথুন : পৰিয়ালৰ সৈতে সম্পৰ্ক ভালে থাকিলেও কোনো কাম আজি ভালদৰে হৈ নুঠিব।
কৰ্কট : সহজতে শত্ৰুক পৰাস্ত কৰি কৰ্মক্ষেত্ৰত উন্নতি আয়ত্ত কৰিব পাৰিব।
সিংহ : হাতৰ কাম সময়ৰ আগতে শেষ হ’ব, পৰিয়ালত শান্তি বৰ্তি থাকিব।
কন্যা : অপমানজনক পৰিস্থিতিত পৰিব পাৰে, সাজু থাকক।
তুলা : সকলোৰে সহযোগিতা লাভ কৰিব, সমস্যামুক্ত সুন্দৰ দিন পাৰ হ’ব।
বৃশ্চিক : ব্যক্তিগত সম্পৰ্ক দৃঢ় হ’ব, সম্পত্তিত বিনিয়োগ হ’ব লাভজনক।
ধনু : শ্বেয়াৰ মাৰ্কেটত বিনিয়োগত লাভ হ’ব, প্ৰণয়ৰ সম্পৰ্কই নতুন মোৰ ল’ব।
মকৰ : মতৰ অমিল হ’লেও সংগীৰ পৰামৰ্শ উপেক্ষা নকৰিব।
কুম্ভ : কৰ্মক্ষেত্ৰত সুনাম বাঢ়িলেও পৰিয়ালত স্বাস্থ্য সম্পৰ্কীয় সমস্যা থাকিব পাৰে।
