পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিকিৎসক ৱালিউল ইছলামক


 

পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিকিৎসক ৱালিউল ইছলামক। গ্ৰেপ্তাৰ হ’ল চিকিৎসক দম্পতীৰ ঘৰৰ কেয়াৰটেকাৰগৰাকীও। পল্টন বজাৰ থানাত 193/2023 নম্বৰৰ গোচৰ পঞ্জীয়ন হৈছে। বিয়লি আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ ৱালিউল ইছলাম আৰু কেয়াৰটেকাৰগৰাকীক। আনহাতে, ডাঃ সংগীতা দত্ত এতিয়াও পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিছে।


১৯৩/২৩ নম্বৰৰ গোচৰত শিশু নিৰ্যাতনৰ অভিযুক্ত ডাঃ ৱালিউল ইছলাম আৰু বনকৰা মহিলাগৰাকীৰ বিৰুদ্ধে সন্নিৱিষ্ট হৈছে ৩০৭/৩২৫/৩৪১/৩৪ ধাৰা৷ ইয়াৰ উপৰি দুয়োৰে ওপৰত আৰোপ কৰা হৈছে RW sec 75 Juvenile Justice Act। উল্লেখযোগ্য যে আজি পুৱা ডাঃ ৱালিউল ইছলাম আৰু কেয়াৰটেকাৰগৰাকীক আটক কৰিছিল আৰক্ষীয়ে।


Post a Comment

Previous Post Next Post