গুৱাহাটী মহানগৰীৰ ছোৱালী হোষ্টেলত ছাত্ৰী মৃত অৱস্থাত উদ্ধাৰ



গুৱাহাটী মহানগৰীৰ ব্যক্তিগত ছোৱালী হোষ্টেলত ছাত্ৰী মৃত অৱস্থাত উদ্ধাৰ। ছাত্ৰীগৰাকী কোকৰাঝাৰৰ তাজমিনা আহমেদ বুলি জানিব পৰা গৈছে।

প্ৰায় দুমাহ পূৰ্বে মেডিকেলৰ ক'চিং কৰিবলৈ গুৱাহাটীলৈ আহিছিল ছাত্ৰীগৰাকী। কিন্তু
বাথৰুমত মৃত অৱস্থাত প্ৰত্যক্ষ কৰা হয় ছাত্ৰীগৰাকীক। উল্লেখ্য সেই সময়ত একেটা ৰুমতে শুই আছিল আন দুগৰাকী ছাত্ৰী।


ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় ভঙাগড় আৰক্ষী। বৰ্তমান সময়লৈ মৃত্যুৰ কাৰণ জানিব পৰা নাই।

Post a Comment

Previous Post Next Post