দুধৰ্ষ ডকাইতক লক্ষ্য কৰি চিলাপথাৰ আৰক্ষীৰ গুলীচালনাত ধৰাশায়ী এটা ডকাইত


 

ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ গুলী। এইবাৰ অসম–অৰুণাচল সীমান্তৰ চিলাপথাৰ লিকাবালি-মিলনপুৰত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় ২ বাজি ৩০ মিনিটত চিলাপথাৰ আৰক্ষী আৰু তিনিজনীয়া এটা দুধৰ্ষ ডকাইতৰ দলৰ মাজত এই গুলী চালনাৰ ঘটনা সংঘটিত হয়।


আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে দহ দিন পূৰ্বে ধেমাজিৰ পৰা এখন বগা ৰঙৰ নম্বৰবিহীন এল্টো বাহন এখন চুৰি কৰি এটা দুৰ্বৃত্তৰ দলে জিলাখনৰ বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰি আহিছিল। যোৱা নিশাও জোনাইৰ পৰা ডকাইতৰ দলটোৱে চুৰি কৰি অসম-অৰুণাচল সীমান্তৰ চিলাপথাৰৰ মিলনপুৰ দিশত গৈ থকাৰ খবৰ চিলাপথাৰ আৰক্ষীয়ে লাভ কৰে।

ইয়াৰ পিছতেই চিলাপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুহিধৰ টায়েৰ নেতৃত্বত এটি আৰক্ষীৰ দল লিকাবালি মিলনপুৰত উপস্থিত হয়। আৰক্ষী অহাৰ খবৰ লাভ কৰি তিনিজনীয়া দুধৰ্ষ ডকাইতৰ দলে আৰক্ষীলৈ গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও নিজৰ আত্মৰক্ষাৰ্থে ডকাইতৰ দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰাত লখিন্দ্ৰ বাছফৰ (২৮) নামৰ ডকাইতৰ ভৰিত গুলী লাগি গুৰুতৰভাবে আহত হয়। আনহাতে, লগতে থকা বাকী দুটা ডকাইত ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

আহত ডকাইতটোক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰৰণ কৰা হৈছে। উল্লেখ্য যে, আৰক্ষীয়ে ডকাইতটোৰ পৰা ২ খন দা, ৰড, ১৫ টা জিনচ্ পেন্ট, ৬ টা ট্ৰেক পেন্ট, ১৩ হেজাৰ টকা নগদ ধন আৰু এখন বগা ৰং এল্টো বাহন জব্দ কৰিছে। পলাতক আন দুই সহযোগী ডকাইতক শীঘ্ৰেই আটক কৰিবলৈ বৰ্তমান আৰক্ষীয়ে নিজৰ চেষ্টা অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post