গোৱালপাৰাৰ ধূপধৰাৰ মৰিয়ামপুৰত খাদ্যৰ বিষক্ৰিয়া হৈ ২০০ৰো অধিক লোক অসুস্থ হৈছে। দৰাচলতে, এগৰাকী বৃদ্ধাৰ মৃত্যুত ভোজভাতৰ আয়োজন কৰা হৈছিল। তাতেই ভোজ খাই শিশু, পুৰুষ,মহিলা, বৃদ্ধ সকলো অসুস্থ হৈ পৰে। ভোজভাতত চালানী মাছ খাই অসুস্থ হোৱাৰ সন্দেহ কৰা হৈছে।
আনহাতে যিসকল লোকে মাছ খোৱা নাছিল, সেইসকল লোক অসুস্থ হোৱা নাই। ধূপধৰা, ৰংজুলি, দুধনৈ, গোৱালপাৰা আৰু বকো চিকিৎসালয়ত নিশাই অসুস্থ লোকসকলক ভৰ্তি কৰোৱা হয়।
শেহতীয়াকৈ অসমলৈ ফৰ্মেলিনযুক্ত মাছৰ আমদানি অব্যাহত থকাৰ অভিযোগৰ মাজতেই চালানী মাছ খাই এনেদৰে অসুস্থ হৈ পৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে, মাছ যোগান ধৰা মাছ ব্যৱসায়ীক ধূপধৰা আৰক্ষী থানালৈ মাতি পঠোৱা বুলিও জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তহে সমগ্ৰ ঘটনাৰ কাৰণ পোহৰলৈ আহিব।
Tags:
National
