ম্যানমাৰৰ বন্দৰ চহৰ চিটৱেত দেওবাৰে শক্তিশালী ঘূৰ্ণীবতাহ ‘মোচা’ই বিধ্বংসী ৰূপ ধাৰণ কৰে। ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ৰাজধানী চিটৱেৰ কিছু অংশত বানপানী হৈছে। আনহাতে, প্ৰতি ঘণ্টাত ১৩০ মাইল গতিবেগৰ বতাহে বহু ঘৰৰ টিনৰ চাল উৰুৱাই নিয়াৰ উপৰি যোগাযোগ টাৱাৰো মাটিত বগৰাই পেলায়। ম্যানমাৰৰ উদ্ধাৰকাৰী সেৱাই কয় যে, ভূমিস্খলনত দুজন লোকৰ মৃত্যু হৈছে। ইফালে স্থানীয় সংবাদ মাধ্যম অনুসৰি, ম্যানমাৰত গছ বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হৈছে।
ম্যানমাৰৰ সামৰিক তথ্য কাৰ্যালয়ে কয় যে ঘূৰ্ণী বতাহে চিটৱে, কিয়াউকপিয়ু আৰু গোৱা টাউনশ্বিপত ঘৰ, বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ, মোবাইল ফোন টাৱাৰ, নাও আৰু লেম্পপোষ্ট ক্ষতিগ্ৰস্ত কৰিছে। এই ধুমুহাৰ ফলত দেশৰ সৰ্ববৃহৎ চহৰ য়াংগনৰ পৰা প্ৰায় ৪২৫ কিলোমিটাৰ দক্ষিণ-পশ্চিমত থকা কোকো দ্বীপৰ ক্ৰীড়া ভৱনসমূহৰ চালো ভাঙি পৰে।
দেশৰ পূব শান ৰাজ্যৰ এটা উদ্ধাৰকাৰী দলে ইয়াৰ ফেচবুক পেজৰ জৰিয়তে ঘোষণা কৰিছিল যে, ধাৰাসাৰ বৰষুণৰ বাবে তছলিক টাউনশ্বিপত ভূমিস্খলন হৈ নিজ ঘৰতে সমাধিস্থ হোৱা এহাল দম্পতীৰ মৃতদেহ উদ্ধাৰ কৰিছে। জানিব পৰা মতে, চিটৱেৰ ৩ লাখ বাসিন্দাৰ ৪০০০ৰো অধিক লোকক আন চহৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু ২০,০০০ৰো অধিক আৱাসীয়ে চহৰখনৰ ওখ স্থানৰ মঠ, পেগোডা আৰু বিদ্যালয়ৰ দৰে স্থানত আশ্ৰয় লৈ আছে।
দ্য ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি, বাংলাদেশত ধুমুহাৰ সংহাৰৰ আগতে প্ৰায় ৩ লাখ লোকক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰিত কৰিছে।
Tags:
National
