সেই কণমানি আয়ান মঞ্জুৰ বৰভূঞালৈ মনত পৰেনে ? শিলচৰ ৱাটাৰ ৱৰ্কছ ৰোডত ৰাজপথত এজন যুৱকে দিন দুপৰতে ছুৰিৰে আঘাত কৰি হত্যা কৰিছিল কণমানিটোক । মাটিৰ বিবাদৰ বাবেই শিশুটিক হত্যা কৰা হৈছিল। আঠ বছৰীয়া একমাত্ৰ পুত্ৰৰ মৃত্যুৰ শোক এতিয়ালৈকে পাহৰিব পৰা নাই তেওঁৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ লোকে । সেই ঘটনাৰ লগত জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ কিন্তু এতিয়ালৈকে আৰক্ষীয়ে আৰু তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই ।
ইফালে, অভিযুক্তৰ পৰিয়ালৰ লোকে এতিয়াও ভাবুকি দি আছে বুলি আয়ানৰ পিতৃ মঞ্জুৰ ইছলাম বৰভূঞাই জানিবলৈ দিয়ে । আজি এখন সংবাদমেলত তেওঁ কয় যে ফোনযোগে তেওঁৰ ঘনিষ্ঠ আত্মীয়ক ভাবুকি দিয়া হৈছে যে অভিযুক্ত জেলৰ পৰা ওলাই আহি তেওঁলোকক চাই ল'ব । আয়ানৰ হত্যাৰ পূৰ্বে তেওঁৰ পিতৃয়ে উক্ত ভূমি বিবাদক লৈ মুখ্যমন্ত্ৰীক সহায় বিচাৰিছিল । আৰক্ষী অধীক্ষকৰ ওচৰলৈ গৈ তেওঁক আৰু তেওঁৰ পুত্ৰক নিৰাপত্তা দিবলৈ অনুৰোধ জনাইছিল । ইয়াৰ পিছতহে আৰক্ষীয়ে গোচৰ ৰুজু কৰে যদিও নিৰাপত্তা প্ৰদান কৰা নাছিল ।
মঞ্জুৰে কয় যে আদালতৰ প্ৰতি তেওঁৰ বিশ্বাস আৰু আস্থা আছে । কিন্তু আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱৰাটোৱে তেওঁৰ পৰিয়ালৰ লোকক আচৰিত কৰি তুলিছে । এইক্ষেত্ৰত তেওঁ আৰক্ষীক বিশ্বাস কৰিব নোৱাৰে । মঞ্জুৰে আয়ানৰ হত্যাকাণ্ডৰ বিচাৰ ক্ষীপ্ৰতাৰে কৰাৰ বাবে আবেদন জনাইছে ।
