ডিব্ৰুগড়ৰ এগৰাকী মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন


 

ডিব্ৰুগড়ৰ এগৰাকী মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন । ডিব্ৰুগড় থানাগলী মূলাগাভৰু পথত বসবাস কৰা ৰূপজ্যোতি শইকীয়া (মৰমী) নামৰ মহিলাগৰাকীয়ে আচাৰ ব্যৱসায়ৰ জৰিয়তে বাছি লৈছে নিজৰ জীৱিকাৰ পথ।


ভিন্ন প্ৰকাৰৰ যেনে ভোটজলকীয়া মচলা আচাৰ, ভোটজলকীয়া তেল আচাৰ, কলপচলা আচাৰ, বাঁহ গাজ মচলা আচাৰ, বাঁহ গাজকেচা আচাৰ, অমৰা আচাৰ, মিক্স আচাৰ, গোলনেমু মছলা আচাৰ, গোলনেমু নিমখ আচাৰ, গোলনেমু মিঠা আচাৰ, আদা নহৰু আচাৰ, ঔ টেঙা আচাৰৰ লগতে ভিন্ন প্ৰকাৰৰ প্ৰায় ২৮ বিধ আচাৰ প্ৰস্তুত কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও ৰপ্তানি কৰা হয় "মাজনী" ব্ৰেণ্ডৰ এই আচাৰ ৷

উল্লেখ্য যে থলুৱা অসমীয়া সামগ্ৰীৰে বাণিজ্যিকভাৱে আচাৰ প্ৰস্তুত কৰি ব্যৱসায় সম্প্ৰসাৰিত কৰা ৰূপজ্যোতি শইকীয়া এতিয়া এগৰাকী স্বাৱলম্বী মহিলা উদ্যোগী ৷ আনহাতে আচাৰ আদিৰে অৰ্থনীতিৰ ভেটি সবল কৰাৰ লগতে মহিলাই কেনেদৰে জীৱনত আগবাঢ়িব পাৰে তাৰো এক উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে ৰূপজ্যোতি শইকীয়াই ৷

যি সময়ত চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাইছে বহু সংখ্যক যুৱক-যুৱতীয়ে তেনে সময়তে এক বাৰ্তা প্ৰেৰণ কৰিছে স্বাৱলম্বিতাৰ পথ বাছি লোৱা এই গৰাকী মহিলাই ।

Post a Comment

Previous Post Next Post