অসমৰ সংবাদ জগতত প্ৰায় ৩০ বছৰে সেৱা আগবঢ়াই অহা জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক প্ৰদান কৰা হৈছে প্ৰণৱ সিংহ স্মাৰক বঁটা ৷ সোমবাৰে তেজপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে জ্যেষ্ঠ সাংবাদকগৰাকীক প্ৰদান কৰে উক্ত বঁটা ৷ তেজপুৰৰ সংবাদ জগতখনৰ মহীৰূহ প্ৰণৱ সিংহৰ স্মৃতিত প্ৰত্যেক বছৰে তেজপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে এই বঁটা আগবঢ়াই আহিছে ৷
উল্লেখ্যে, ১৯৬৪ চনত তেজপুৰৰ পৰা প্ৰকাশিত ‘‘মহাজাতি’’ বাতৰি কাকতৰ জৰিয়তে এগৰাকী নিৰ্ভীক সাংবাদিক হিচাবে পৰিচিতি লাভ কৰি পৰৱৰ্তী সময়ত দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত হোৱা প্ৰণৱ সিংহৰ মৃত্যু হৈছিল ২০১৪ চনত ৷ তেজপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে সংবাদ জগতত বিশেষ বৰঙনি আগবঢ়াই অহা ৰাজ্যৰ একোজনকৈ বিশিষ্ট সাংবাদিকক প্ৰদান কৰি অহা হৈছে স্মাৰক বঁটা।
চলিত বৰ্ষত এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা শিল্পী গৌতম শৰ্মাক ৷ এই বঁটাত আছে এখন প্ৰশস্তিপত্ৰ, গামোচা-চেলেং, জাপি আৰু নগদ ধন ৷ উল্লেখ্য যে, বঁটাৰ লগত লাভ কৰা ধনৰাশি বঁটাপ্ৰাপক গৌতম শৰ্মাই শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নলৈ আগবঢ়ায় ।
তেজপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ চৌহদত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ স্বম্ভুনাথ সিং, বিধায়ক পৃথ্বীৰাজ ৰাভা, নাট্যকাৰ ঐশ্বৰ্য কাকতিকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ৷