শনিবাৰে দ্বিতীয়বাৰৰ বাবে হ’ব ফাইজানৰ মৰণোত্তৰ পৰীক্ষা

 


বুধবাৰে কলকাতালৈ নিয়া হয় ফাইজানৰ মৃতদেহ (Faizan Ahmed Death Case)। বিমানযোগে দিনৰ ১১ বজাত নিয়া হয় মৃতদেহ। কলকাতাত দ্বিতীয়বাৰৰ বাবে হ’ব মৰণোত্তৰ পৰীক্ষা। ফাইজানৰ পিতৃ–মাতৃয়ে লৈ যায় মৃতদেহ। গ্ৰীণ কৰিডৰযোগে কলকাতা বিমানবন্দৰৰ পৰা মহম্মদ আলি পাৰ্কৰ পিছফালে থকা নীল মাধৱ সেন পথৰ কাষৰ পুলিচ মৰ্গলৈ লৈ যোৱা হয় ফাইজানৰ শৱদেহৰ অৱশিষ্ট। এই কথা ফোন যোগে জানিবলৈ দিয়ে ফাইজানৰ মাতৃ ৰেহেনা আহমেদে।


বিমানবন্দৰৰ পৰা বুধবাৰে দিনৰ প্ৰায় ১.৩৫ বজাত লৈ যোৱা হয় ফাইজানৰ শৱদেহ। শৱদেহ নিয়া বাহনৰ দুয়োফালে আৰক্ষীৰ বাহনৰ দীঘলীয়া এছক’ৰ্ট। অসমৰ পৰা গৈ দিনৰ ১২ বাজি ২০ মিনিটত কলকাতাৰ বিমানবন্দৰত উপস্থিত হোৱা ফাইজান শৱদেহ কঢ়িয়াই নিয়াৰ ক্ষেত্রত তথা কলকাতা পোৱাৰ পাছতে যথেষ্ট বৃদ্ধি কৰা হয় নিৰাপত্তা।ইফালে শনিবাৰে কৰা হ’ব ফাইজানৰ দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষা। সূত্র মতে মৰণোত্তৰ পৰীক্ষাৰ বাবে দিল্লীৰ পৰাও আহিব ফৰেনছিক দল। উচ্চ ন্যায়ালয়ৰ দুগৰাকী চৰকাৰী অধিবক্তাৰ চকুৰ সন্মুখত সমগ্র মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা হ’ব। মৰণোত্তৰ পৰীক্ষা কলকাতাৰ নীল মাধৱ সেন পথৰ কাষত থকা মেডিকেল কলেজ হাস্পতালৰ মৰ্গত সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ যে ১৯ মে’ৰ পৰা আগন্তুক ১০টা দিনৰ ভিতৰত এই মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব লাগিব। দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাত উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে ফাইজানৰ মৃতদেহত থকা আঘাতৰ চিনসমূহ উল্লেখ কৰিবলৈ, যি প্ৰথমটো মৰণোত্তৰ পৰীক্ষাত কৰা হোৱা নাছিল।

Post a Comment

Previous Post Next Post