অসমত হ্ৰাস পাইছে অপৰাধজনিত ঘটনা ! বৃদ্ধি পাইছে দোষী সাব্যস্তৰ হাৰ: মুখ্যমন্ত্ৰী


 

এতিয়াৰে পৰা আৰক্ষীত গোচৰ অভিযোগ দিবলৈ যাব নালাগে আৰক্ষী থানাত ৷ বিপৰীতে ঘৰতে বহি নিশাৰ সময়তো দিব পাৰিব গোচৰ, অভি়যোগ ৷ কিয়নো অসম আৰক্ষীত মুকলি হল আৰক্ষীৰ সেৱা সেতু এপছ ৷ এই নতুন এপছৰ জড়িয়তে অভিযোগকাৰীয়ে সহজে ওচৰ চাপিব পাৰিব আৰক্ষীৰ ৷


দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি হ'ল এই সেৱা ৷ যত মুঠ ২৬ বিধ সেৱা উপলব্ধ হব ৷ কেনো ব্যক্তি সন্ধানহীন, সভা, সমিতি অনুষ্ঠানৰ অনুমতি সকলো সেৱা উপলব্ধ হব এই সেৱাত ৷ অসম আৰক্ষীৰ সেৱা সেতু মুকলি এই অনুষ্ঠানত ৰাজ্যৰ অপৰাধ জনিত ঘটনাৰ পৰিসংখ্যাৰ তথ্য দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অসমত ২০২১ চনৰ পূৰ্বে ৫% দোষী সাব্যস্তৰ হাৰ ৷ বিপৰীতে এতিয়া দোষী সাব্যস্তৰ হাৰ ১৫% পৰ্য্যন্ত লৈ বৃদ্ধি হোৱা বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ ৷ এই ক্ষেত্ৰত অসমৰ ফৰেনচিক ব্যৱস্থা দুৰ্বল থকা বাবে দোষী সাব্যস্ত কৰিব পৰা নাছিলো বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷


আনহাতে ৰাজ্যখনত ২০২১ চনত ১ লাখ ৯ হাজাৰ নিস্পত্তিহীন গোচৰৰ সংখ্যা আছিল ৷ বিপৰীতে বৰ্তমান ৫৬ হাজাৰ নিস্পত্তিহীন গোচৰ ৷ ২০২১ চনত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ গোচৰ ২৯ হাজাৰ ৪৬ টা ৷ বিপৰীতে এতিয়া ১২ হাজাৰলৈ হ্ৰাস পোৱা বুলি দাবী মুখ্যমন্ত্ৰীৰ ৷ তুলনামূলকভাৱে ৰাজ্যখনত অপৰাধ হ্ৰাস পাইছে আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীও অসম আৰক্ষীয়ে ভাল কাম কৰা বুলি মন্তব্য কৰে ৷ উত্তৰ পূৱত শেহতীয়াকৈ উগ্ৰপন্থী সংগঠনৰ সদস্যক মূলসূতিলৈ আনিবলৈ সক্ষম হোৱা বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷ স্বাভাৱিকতে এয়া এক ভাল খবৰ বুলি মন্তব্য গৃহমন্ত্ৰীৰ ৷

Post a Comment

Previous Post Next Post